/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/00c1340d-634c-4ea4-8310-8367bf039f97/440.jpg)
ডিজিটেল সংবাদ,সৰভোগ : সৰভোগৰ বেকী নদীৰ বুকুত ভূমাফিয়াই বান্ধ নিৰ্মাণ কৰি খনন কাৰ্য্য কৰাক লৈ সৰৱ হৈ উঠিছে গাঁৱবাসী। কাৰ আশীৰ্বাদত ভূমাফিয়াই নদীৰ বুকুত বান্ধ দি খনন কাৰ্য্যৰ পৰিকল্পনা কৰিছে বুলি সচেতনমহলে প্ৰশ্ন উত্থাপন কৰে।
নৈপৰীয়া ৰাইজে খেতি-বাতিৰ লগতে বিভিন্ন দিশত যমৰ যাতনা ভুগিব লগা হৈছে । বাৰে- বাৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ নোলোৱা অভিযোগ উত্থাপন কৰে ৰাইজে।
উপায়বিহীন হৈ নৈপৰীয়া ৰাইজে ভূমাফিয়াৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ভূমাফিয়াসকলে বান্ধ নাকাটিলে ৰাইজে বান্ধ কাটি দিব বুলি হুংকাৰ প্ৰদান কৰে। আনহাতে পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।
Also Read: ৰঙাজান,হাতীখুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰপ : ভুক্তভোগীৰ অনুৰোধৰ প্ৰতি ভ্ৰূক্ষেপ নাই বিভাগৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us