যোৰহাটৰ লিচুবাৰী সেনা ছাউনিৰ সমীপত বিস্ফোৰণৰ শব্দ

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে

author-image
Asomiya Pratidin
New Update
যোৰহাটৰ এ টি ৰোডত গুলীচালনাঃ এজন লোক গুৰুতৰ ভাৱে আহত...

ডিজিটেল ডেস্ক : যোৰহাটৰ লিচুবাৰী সেনা ছাউনিৰ সমীপত শুনা গৈছে বিস্ফোৰণৰ শব্দ। বৃহস্পতিবাৰে সন্ধিয়া ঘটনা সংঘটিত হোৱাৰ পিছতেই সেনা ছাউনিৰ মূল দ্বাৰ বন্ধ কৰি দিয়া হৈছে।

অৱশ্যে এই বিস্ফোৰণ শব্দৰ উৎস সন্দৰ্ভত এতিয়াও কোনো কাৰণ জানিব পৰা হোৱা নাই। স্বাভাৱিকতে বিস্ফোৰণৰ শব্দই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে। অৱশ্যে উক্ত ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

Also Read: টীয়কৰ কাকজানত দুৰ্বৃত্তৰ গুলীচালনা...

Assam police