/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b55aab5f-58c4-4f0e-9ba6-0d62dfacc87c/14.jpg)
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক সীমান্ত প্ৰতিমক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ...
ডিজিটেল ডেস্কঃ মঙ্গলবাৰে পুৱাই দুৰ্ঘটনাৰ সন্মুখীন হোৱা মৰিয়নিৰ প্ৰতিদিন টাইমৰ সাংবাদিক সীমান্ত প্ৰতিম বৰ্মনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পুৱা পথৰে খোজ কাঢ়ি গৈ থকাৰ সময়তে এখন মটৰ চাইকেলে পিছফালৰ পৰা তীব্ৰ বেগেৰে আহি খুন্দা মৰাত গুৰুতৰভাৱে আহত হৈছে সাংবাদিকগৰাকী।
দুৰ্ঘটনাৰ পাছতে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ জৰুৰীকালিন কক্ষত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি আই চি ইউত ভৰ্তি কৰোৱা হয়। যদিও চিকিৎসালয়খনৰ আই চি ইউত সাংবাদিকগৰাকীক চিকিৎসা প্ৰদান কৰা হয় তথাপিও তেওঁৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
অতি গুৰুতৰভাৱে আহত সাংবাদিকগৰাকীক এম্বুলেঞ্চৰ সহায়ত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে অনা হৈছে। ইফালে গুৰুতৰভাৱে আহত হোৱা সীমান্তৰ প্ৰতিমৰ এই দুৰ্ঘটনাৰ পাছতে চিন্তিত হৈ পৰিছে তেওঁৰ সতীৰ্থসকল।
Also Read: অৱশেষত ‘ড্ৰীম গাৰ্ল’ক লগ পালে বাদশ্বাহে