/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1cb8e882-ec31-4541-a58e-176caf25bd13/218.jpg)
তিতাবৰৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(ডায়েট)ৰ শ্ৰমদান কাৰ্যসূচী
ডিজিটেল সংবাদ,বেকাজান : জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ সোঁৱৰণত ২অক্টোবৰত দেশজুৰি পালন কৰা হ'ব গান্ধী জয়ন্তী। এই পবিত্ৰ দিনটোৰ এদিন পূৰ্বে দেওবাৰে তিতাবৰস্থিত ডায়েট যোৰহাটে শ্ৰমদান কাৰ্য্যসূচী ৰূপায়ণ কৰে।
এই শ্ৰমদান পৰ্বত প্ৰতিষ্ঠানটোৰ প্ৰবক্তা আৰু কৰ্মীবৃন্দৰ লগতে বি এড শাখাৰ এন এচ এচ গোটৰ লগত যৌথভাৱে তিতাবৰ ৰেলষ্টেচনৰ চৌহদত পুৱা ১০ বজাৰ পৰা ১১বজালৈ একঘণ্টাৰ চাফাই কাৰ্যসূচী সম্পাদন কৰে। চাফাই কাৰ্য্যাসূচীত বিশেষভাগে আগভাগ লয়- প্ৰতিষ্ঠানৰ প্ৰবক্তা নেত্ৰ গগৈ, এন এচ এচৰ তত্বাৱধায়ক বিষয়া সুমিত কুমাৰ থাপা, প্ৰতিষ্ঠানৰ অধ্যক্ষা বৰ্ণালী বৰুৱা আৰু কৰ্ম অভিজ্ঞতাৰ শিক্ষক শৈলেন্দ্ৰ বৰ্মনে।
কেউগৰাকীৰ নেতৃত্বত কুৰিজনীয়া এন এচ এচ দলে চাফাই কাৰ্য সম্পাদন কৰে। তেওঁলোকক সংগ দিয়ে ৰে'ল বিভাগৰ কৰ্মচাৰীৰ লগতে সন্দিকৈ গাঁৱৰ এটি মহিলা আত্মসহায়ক গোটে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0ee6671e-5976-45de-86a2-372ee8a87755/ae003f14_2814_4cc3_85cd_f16757f0da41.jpg)
সকলোৱে একত্ৰিত হৈ হাতে-হাতে ঝাড়ু আৰু বস্তালৈ ষ্টেচন চৌহদৰ সকলো আৱৰ্জনা আৰু পলিথিনসমূহ সংগ্ৰহ কৰি যথাস্থানত পেলাই পৰিষ্কাৰ কৰে। ৰে'লবিভাগৰ প্ৰায় কুৰিজনীয়া দলটোত ষ্টেচন অধীক্ষক মিনাৰাম মিলি,ষ্টেচন মাষ্টাৰ সকল ক্ৰমে অভিষেক দাস, ৰাকেশ কুমাৰ,মণ্টু কুমাৰ,কনিষ্ঠ অভিযন্তা সাগৰ দাস, ষ্টেচন ট্ৰেফিক পৰিদৰ্শক নুপুৰ মিলিৰ লগতে ট্ৰেকমেন আৰু পইণ্ট মেনসকলেও সহযোগ কৰে।
কাৰ্যসূচীৰ সমাপ্তিত ৰে'ল বিভাগৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা ডায়েটৰ প্ৰশিক্ষাৰ্থীৰ দলটো আৰু সন্দিকৈ গাঁৱৰ মহিলা গোটটোক চাহ-মিঠাইৰে আপ্যায়ণ কৰা হয়।
Also Read: ৰাইজ,পানী দেখিছিলনে ?