দিল্লীত বাহৰ পাতি নিৰ্বাচনী ৰণকৌশলত ব্যস্ত আপ,অসমৰ সভাপতি : কেজৰিৱালৰে নিৰ্বাচনী সমীকৰণ

আগন্তুক লোকসভা নির্বাচনত আসন বুজাবুজি আৰু নির্বাচনী ৰণকৌশল সন্দর্ভত বিশদভাৱে আলোচনা
দিল্লীত বাহৰ পাতি নিৰ্বাচনী ৰণকৌশলত ব্যস্ত আপ,অসমৰ সভাপতি
দিল্লীত বাহৰ পাতি নিৰ্বাচনী ৰণকৌশলত ব্যস্ত আপ,অসমৰ সভাপতি

ডিজিটেল সংবাদ,গুৱাহাটী : আগন্তুক লোকসভা নিৰ্বাচনক লৈ সাজু হৈ উঠিছে আম আদমি পাৰ্টি। ইতিমধ্যে আপ,অসমেও লোকসভা নিৰ্বাচন সন্দৰ্ভত কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে।

আম আদমি পার্টী অসম ৰাজ্যিক সমিতিৰ এটি সজাতি দলে দেওবাৰে নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে। দলটোৰ ৰাষ্ট্রীয় তত্ত্বাবধায়ক ৰাজেশ শর্মা আৰু ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত যোৱা সজাতি দলটোৱে আগন্তুক লোকসভা নির্বাচনত আসন বুজাবুজি আৰু নির্বাচনী ৰণকৌশল সন্দর্ভত বিশদভাৱে আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে।

সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সোমবাৰে পুনৰ অৰবিন্দ কেজৰিৱালক লগত তৃতীয়লানি আলোচনাৰ পিচত অসমত আম আদমি পার্টীয়ে কিদৰে লোকসভা নির্বাচনত প্রতিদ্বন্দিতা আগবঢ়াব ইয়াৰ সবিশেষ জনাব বুলি উল্লেখ কৰে। সজাতি দলটোত ৰাজ্যিক সভাপতিৰ লগতে দলটোৰ উপ-সভাপতি লক্ষ্মীকান্ত ডুবে, মনোজ ধানোৱাৰ আৰু সাংগঠনিক সম্পাদক ঋষিৰাজ কৌণ্ডিল্য উপস্থিত থাকে।

দিল্লীত বাহৰ পাতি নিৰ্বাচনী ৰণকৌশলত ব্যস্ত আপ,অসমৰ সভাপতি
তিতাবৰ সাংবাদিক একাদশৰ ১০ উইকেটত জয়লাভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in