বোকাখাতৰ কুৰুৱাবাহীত গৰু চোৰ

বোকাখাতৰ কুৰুৱাবাহীত গৰু চোৰ

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ গ্ৰামাঞ্চলত সম্প্ৰতি নিশা হ'লেই চলিছে চোৰৰ আতংক। বিশেষকৈ উপজিলাখনৰ কুৰুৱাবাহীত নিশা হ'লেই গৰু চোৰৰ আতংকত উজাগৰে কতাব লগী‌য়া হৈছে সাধাৰণ গঞাই।

গোলাঘাট জিলাখনৰে এখন উল্লেখযোগ্য গৰুৰ বজাৰ বিহৰা বজাৰখন থকাৰ পাছতো লকডাউনৰ পাছৰে পৰা উক্ত বজাৰখন গৰু ব্যৱসায়ীৰ বাবে আচলতে এক আচিলাহে হৈ আছে কিয়নো বোকাখাতৰ পৰা চালান বিহীন ভাৱে নিশাৰ অন্ধকাৰত গ্ৰামাঞ্চলৰ পৰা অধিকাংশ গৰুৰ চোৰাং সৰবৰাহ হৈ আছে ।

গ্ৰামাঞ্চলৰ বহু ঠাইত বৃহৎ পৰিমাণৰ গৰুৰ আহাৰ মজুত ৰাখি গো-সৰবৰাহকাৰীয়ে নিজাকৈ নিৰ্মান কৰি লৈছে এনে অবৈধ গো-শালা। এই অবৈধ গৰু সৰবৰাহৰ নেতৃত্বত আছে একাংশ ৰাজনৈতিক ভাৱে আৰ্শীবাদ পুষ্ট গৰু সৰবৰাহকাৰী। বিশেষকৈ বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ স্নেহধন্য একাংশ যুৱ-ব্যৱসায়ীয়ে এই সমগ্ৰ গো-চিণ্ডিকেটটো নিয়ন্ত্ৰণত ৰাখিছে বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই চক্ৰটোৰ পৰা এক সুবিধাজনক দুৰত্বতহে আছে বোকাখাত মহকুমা প্ৰশাসন।

আন এক অভিযোগ অনুসৰি গো-চিণ্ডিকেটৰ ধন নিয়মীয়াকৈ লাভ কৰি আছে এক বিশেষ ৰাজনৈতিক দলৰ একাংশ উৰ্ধতম নেতা, সাংবাদিক আৰু গাঁওৰক্ষী বাহিনীৰ লোকেও ফলত গো-পালকসকলৰ অভিযোগ এক প্ৰকাৰ অৰণ্যৰোদনলৈহে পৰিণত হৈছে।

শেহতীয়াকৈ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলত সংঘটিত হৈ থকা গৰুচোৰ চক্ৰটোও উক্ত অবৈধ গো-সৰবৰাহকাৰীৰ লগত মিলিত হৈ আছে বুলি সন্দেহ কৰিছে গাওঁবাসীয়ে। একাংশ সন্দেহযুক্ত অচিনাকী গো-ব্যৱসায়ীৰ অঞ্চলটোলৈ সঘন আহ-যাহৰ কাৰণো উক্ত চক্ৰটোৰ লগত জড়িত হৈ আছে বুলিও সন্দেহ কৰিছে গাওঁবাসীয়ে।

উল্লেখযোগ্য যে প্ৰায় দৈনিক কুৰুৱাবাহীত এনেদৰে গৰুচুৰিৰ ঘটনা সংঘটিত হোৱাৰ বাবে উপায়ন্তৰ হৈ নিশাৰভাগত গৰু শোৱনী কোঠাত বান্ধিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। অৱশ্যে এইক্ষেত্ৰত বোকাখাত আৰক্ষী প্ৰশাসনে দিয়া গা-এৰা মনোবৃত্তিৰ বিপৰীতে গাওঁৰক্ষী বাহিনীৰ সহযোগত গাওঁবাসীয়ে গ্ৰামাঞ্চল সমূহত নিয়মীয়া পহৰাৰ ব্যৱস্থা কৰিছে যদিও পৰিস্থিতি অপৰিবৰ্তনীয় হৈ আছে অঞ্চলটোত।

বোকাখাতৰ কুৰুৱাবাহীত গৰু চোৰ
পত্নীক দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা স্বামীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in