তিতাবৰৰ ৰজাবাহৰ গাঁও পঞ্চায়তত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম

তিতাবৰৰ ৰজাবাহৰ গাঁও পঞ্চায়তত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ ৰজাবাহৰ গাঁও পঞ্চায়তত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম

ডিজিটেল সংবাদ, তিতাবৰ: তিতাবৰৰ ৰজাবাহৰ গাঁও পঞ্চায়তৰ উদ্যোগত বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সাংস্কৃতিক মহাসংগ্ৰাম। ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক মহাসংগ্ৰামৰ অনুষ্ঠান।

Advertisment

ৰজাবাহৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন শইকীয়াৰ প্ৰচেষ্টাত ৰূপায়িত সাংস্কৃতিক মহাসংগ্ৰামৰ উদ্বোধনী অনুষ্ঠানত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শ্যামল কৃষ্ণ বৰাও অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

Also Read: বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতিৰ সংবাদমেল

sangskritik mahasangram