বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতিৰ সংবাদমেল

বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতিৰ সংবাদমেল
Published on
Updated on

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ গোটাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি ছালাম শ্বাহৰ সংবাদমেল। জল জীৱন মিচন আঁচনিৰ ইউজাৰ কমিটি গঠনৰ বাবে সভানেত্ৰীৰ স্বামী মোস্তাফা আহমেদসহ ২গৰাকী অতিৰিক্তা আয়ুক্তৰ বিৰুদ্ধে গুৱাহাটীৰ এটা ওয়েৱ পোৰ্টেলত সম্প্ৰচাৰ হৈছে ২টাকৈ বিস্ফোৰক প্ৰতিবেদন। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি আব্দুছ ছালাম শ্বাহৰ চক্ৰান্তত এই বাতৰি সম্প্ৰচাৰ হোৱা বুলি পঞ্চায়তখনৰ সভানেত্ৰীৰ স্বামী মোস্তাফা আহমেদে অভিযোগ তুলিছে।

বিজেপি নেতাজনৰ বিৰুদ্ধে গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে অভিযোগ তোলাৰ পাছত জাঙুৰ খাই উঠিছে আব্দুছ ছালাম শ্বাহ।এই ঘটনাক লৈ বিজেপিৰ নেতা ছালাম শ্বাহে নিজ বাসভৱনত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত গোটাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ছামছুন নেহাৰৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ নেতাজনে।

যোৱা ২০২২ চনৰ ৮ এপ্ৰিল তাৰিখে পঞ্চায়তখনৰ ৯ গৰাকীকৈ সদস্য-সদস্যাই পঞ্চায়ত সভানেত্ৰী ছামছুন নেহাৰৰ বিৰুদ্ধে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত বাছনিকৃত প্ৰতিজন হিতাধিকাৰীৰ পৰা ৫ ৰ পৰা ১০ হেজাৰকৈ ভেটি লোৱাৰ অভিযোগো তুলিছিল সদস্যা-সদস্যাসকলে। একেদৰে গ্ৰাম্যসখী নিয়োগৰ নামতো বিভিন্ন প্ৰাৰ্থীৰ পৰা ১০ হেজাৰকৈ টকা উৎকোচ লোৱাৰ অভিযোগ আনিছিল স্বয়ং পঞ্চায়ত খনৰ ৯ গৰাকীকৈ সদস্য আৰু সদস্যাই।

পঞ্চায়ত খনত এমজিএনৰেগাৰ চতুৰ্থদশ আৰু পঞ্চমদশ বিত্তীয় আয়োগৰ আঁচনিৰ নামতো প্ৰায় ৩ কোটি টকাৰ কামত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছিল সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে।

ইফালে পঞ্চায়তখনৰ আয়নুল ইছলাম মণ্ডল নামৰ এগৰাকী জেষ্ঠ নাগৰিকে যোৱা ২০২২ চনৰ ৮ জুন তাৰিখে সুখচৰ থানাত পঞ্চায়ত সভানেত্ৰী ছামছুন নেহাৰ, পঞ্চায়ত সচিব আৰু সভানেত্ৰীৰ স্বামী মোস্তাফা আহমেদৰসহ মুঠ ৮ গৰাকী লোকৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি গোচৰ ৰজু কৰিছে।

ইতিমধ্যে সুখচৰ আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰিছে যদিও আজিলৈ সুখচৰ আৰক্ষীয়ে মোস্তাফা আহমেদক কৰায়ত্ব কৰা নাই বুলি বিজেপিৰ নেতা ছালাম শ্বাহে সংবাদমেলত অভিযোগ তুলিছে। জিলা অতিৰিক্ত আয়ুক্ত বন্নি ইনাম শ্বাদ্দাবৰ সৈতে মিতিৰালি থকাৰ বাবেই আৰক্ষীয়ে গোটাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন নকৰে বুলি বিজেপিৰ নেতাজনে বিস্ফোৰক অভিযোগ তুলিছে।

একেদৰে অতিৰিক্ত আয়ুক্ত বন্নি ইনাম শ্বাদ্দাবক যোৱা অক্টোবৰ মাহতে ৰাজ্য চৰকাৰে জিলাখনৰ পৰা বদলিকৰণ কৰিছে যদিও তেওঁ ৰহস্যজনকভাৱে জিলাখনৰ পৰা যোৱা নাই বুলি বিজেপিৰ নেতা ছালাম শ্বাহে অভিযোগ তুলিছে।

বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতিৰ সংবাদমেল
মেঘালয়ৰ সোনাপুৰত পথৰ ওপৰতে ভষ্মীভূত হ'ল চলন্ত ট্ৰাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in