সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ...

সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ...

author-image
Asomiya Pratidin
New Update
সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ...

সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ...

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰত আজি অনুষ্ঠিত হয় সদৌ চুতীয়া জাতি সন্মিলন অসমৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ শপত গ্ৰহণ অনুষ্ঠান। সদৌ চুতীয়া জাতি সন্মিলন অসমৰ নৱনিৰ্বাচিত সভাপতি বিবুল হাজৰিকাৰ নেতৃত্বত ২১ জনীয়া কেন্দ্ৰীয় মূল সমিতিখনৰ লগতে মহিলা সমিতিখনেও চুতীয়া জাতিটোৰ উন্নয়ণৰ হকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ শপত লয়।

Advertisment

কাৰ্যসূচীত ৰাজ্যৰ ২৭ খন জিলাৰ জিলা সমিতি আৰু তিনিশতাধিক আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি কেন্দ্ৰীয় বিষয়ববীয়াসকলক সম্বৰ্ধনা জনায়। তিতাবৰৰ চাম্বা অতিথিশালাত অনুষ্ঠিত অনুষ্ঠানটোত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচীও অনুষ্ঠিত হয়।

উল্লেয্য যে, দীৰ্ঘদিনৰ পৰা চৰকাৰে অৱহেলা কৰি অহা চুতীয়া জাতিৰ জনজাতিকৰণৰ দাবী সৱলভাৱে চৰকাৰৰ ওচৰত উত্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে।

Also Read: শশাংক কটকীৰ হত্যাকাণ্ড ! পত্নী, বন্ধুসহ ৫ জনক জে'ললৈ প্ৰেৰণ...

তিতাবৰ সদৌ চুতীয়া জাতি সন্মিলন