ইকৰাণিত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন উদযাপন...

ইকৰাণিত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন উদযাপন...

author-image
Asomiya Pratidin
New Update
ইকৰাণিত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন উদযাপন...

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ বৰহোলা ইকৰাণিত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সপ্তম বাৰ্ষিক ইকৰাণি আঞ্চলিক ৰঙালী বিহু সন্মিলন।

Advertisment

মিলিজুলি যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সন্মিলনত বিভিন্ন প্ৰান্তৰ পৰা অহা দলৰ বিহু নাচত ৰজনজনাই উঠে ইকৰাণিৰ সাধনী ভৱন। মুকলি বিহু, হুচৰি, জেং বিহু, লোকনৃত্য প্ৰদৰ্শন, সৰু বিহুৱতী প্ৰতিযোগিতা আদিয়ে উপস্থিত অগনণ ৰাইজক মোহিত কৰে।

কাৰ্যসূচীত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন আদিৰ পিছতে কণী যুঁজ, চিত্ৰাংকন, বিহুনাম আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে অধ্যাপিকা অয়লাসী ৰুবী সোণোৱাল সোঁৱৰণী সমাজ সেৱা বঁটা আৰু স্বৰ্গীয় ডম্বৰু কাকতি সোঁৱৰণী চেমনীয়া ঢুলীয়া শিল্পী বঁটা প্ৰদান কৰা হয়।

মিলিজুলি যুৱ সমাজৰ প্ৰশিক্ষাৰ্থীসকলৰ ঢোল বাদন-বিহুনাচ প্ৰদৰ্শন, 'বসন্ত সুৱাস' আৰু 'নল বিৰিণা' বিহু দলৰ দ্বাৰা মুকলি বিহু প্ৰদৰ্শনেও ৰাইজক আপ্লুত কৰে।‌ নিশা অনুষ্ঠিত হয় আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানত। প্ৰতিটো কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈ মিলিজুলি যুৱ সমাজৰ সম্পাদক বিজয় কুমাৰ বৰাই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছে।

Also Read: ঢকুৱাখনাত ৯০ লাখ টকাৰে স্থাপন কৰিব পাৰকুপাইন

rongali bihu titabar