/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/90aa4006-754c-485c-93b6-8c5415adfd66/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ উত্তৰ যোৰহাটৰ ৰংদৈ দগাঁৱৰ ঐতিহাসিক ৰংদৈ নৈৰ কাষৰীয়া দলৌগুৰিৰ নৈৰ গড় অঞ্চলৰ ঐতিহ্য ৰক্ষা আৰু সংৰক্ষণ তথা সৌন্দৰ্যবৰ্ধনৰ বাবে পদক্ষেপ হাতত লৈছে ৰংদৈ দগাঁও বৰনামঘৰ পৰিচালনা সমিতিয়ে। এই পদক্ষেপৰ অংশ হিচাপে শনিবাৰে এই অঞ্চলত গছপুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2ebe38db-8f57-491e-8c2d-66ea07e113f4/921e354f_366c_42ca_80c1_7f5b655f41fe.jpg)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে ৰংদৈ দগাঁও বৰনামঘৰত সমবেত ৰাইজে বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত ৰাজহুৱা সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰৰ অমৃতবৃক্ষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী ৰূপায়ন কৰে। বৃহত্তৰ ৰংদৈ দগাঁওৰ মেধি গোপাল শইকীয়াই এটা গছপুলি ৰোপনেৰে শুভাৰম্ভ কৰা এই কাৰ্যসূচীত ৰংদৈ দগাঁও বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেণ কলিতা প্ৰমুখ্যে গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9e312888-2c75-46fb-96e0-5c55c053c31c/31cb6a36_979e_44f7_8a29_06b7634ebd8d.jpg)
Also Read: ক্রাইম ব্রাঞ্চলৈ সোঁত বৈছে চাইবাৰ অপৰাধীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us