/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1823ec1a-2f3a-449f-89d0-fbf2fe64bddf/titabor_9.jpg)
তিতাবৰত শোকাৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত স্বামী, সংকটজনক অৱস্থাত পত্নী...
ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰত পুৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। তিতাবৰৰ বান্দৰচলিহা চামগুৰিত এখন যাত্ৰীবাহী মেজিকৰ খুন্দাত থিতাতে নিহত হৈছে এই ব্যক্তিগৰাকী। আনহাতে আহত মহিলাগৰাকী তেওঁৰ পত্নী।
ঘটনাৰ বিৱৰণ অনুসৰি বান্দৰচলিহা পৰা তিতাবৰ নগৰৰ অভিমুখে গৈ থকা AS-03CC-5058 নম্বৰৰ যাত্ৰীবাহী মেজিক খনে তিতাবৰ নগৰৰ পৰা বান্দৰচলিহা অভিমুখে গৈ থকা AS-03Z-2907 নম্বৰৰ হোণ্ডা ছাইন বাইকখনত সন্মুখৰ পৰা খুন্দা মাৰে। ফলত থিতাতে নিহত হয় বাইক চালকজন।
নিহত বাইক আৰোহীজনৰ নাম প্ৰণৱ হাতীমতা। তেওঁ পত্নীক লগত লৈ তিতাবৰ নগৰৰ পৰা বান্দৰচলিহা অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। আনহাতে সংকট জনক অৱস্থাত পত্নী লক্ষীমণি গগৈ হাতীমতাক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। সমগ্র ঘটনাই তিতাবৰত শোকৰ ছাঁ পেলাইছে।
Also Read: ধেমাজিত সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা আৰম্ভ...