/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d68296c0-164f-475b-98ad-24403fe5a01b/dhemaji_9.jpg)
ধেমাজিত সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা আৰম্ভ...
ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী ৪৫ সংখ্যক একাংক নাট প্ৰতিযোগিতাখন শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ৷ শুকুবাৰে প্ৰথম দিনা পুৱা ১০ বজাত পদ্মনাথ গোঁহাঞি বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে যদুমনি গোস্বামীয়ে। আনহাতে মাল্যৰ্পন আৰু স্মৃতি তৰ্পন কৰে সদৌ অসম পদ্মনাথ গোঁহাঞি সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ স্থায়ী সমিতিৰ সাধাৰণ সম্পাদক জ্যোতিষ কোচে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/647c2f5a-7d81-4e8d-bf85-c5d6b1bb20a9/606dfa72_75a5_4790_9fe6_c9d67a19eaae.jpg)
আয়তীৰ মংগল উৰুলিৰ লগে লগেই মূল পতাকা স্থায়ী সমিতিৰ ড° বুদ্ধিন্দ্ৰ বৰুৱাই উত্তোলন কৰাৰ সমান্তৰালভাৱে ৪৫ খন পতাকা উত্তোলন কৰা হয় বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা৷ দুপৰীয়া ১২ বজাত বিশিষ্ট নাট্যকাৰ বলীন বৰগোহাঞিয়ে সঞ্চালনা কৰা নৰেন্দ্ৰ নাথ গোহাঁই সোঁৱৰণী স্মাৰক আলোচনাচক্ৰত “অসমৰ ভাষা,সাহিত্য- সংস্কৃতিলৈ পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান” ৰ সম্পৰ্কত বক্তব্য ৰাখে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ ৰেৱতী বুঢ়াগোঁহাই আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ ৰুবা বুঢ়াগোঁহাই, অৱসৰপ্ৰাপ্ত শিক্ষক ৰবি গগৈ, ড° পুষ্প গগৈ আৰু ড° বুদ্ধিন্দ্ৰ বৰুৱাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2aca33db-d685-4d2b-ac8e-9772fd888e83/4a3b1d9d_cf2e_48db_965e_1d5bfc1060b8.jpg)
ইতিপূৰ্বে উদযাপন সমিতিয়ে পদ্মনাথ গোঁহাঞি বৰুৱাৰ জীৱন, কীৰ্তি আৰু সাহিত্যৰ সৰ্ম্পকে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ ভিতৰত পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে - শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিশিতা চুতীয়া, দশম শ্ৰেণীৰ উপাসনা কোঁৱৰ, টনিমন গগৈ আৰু কিৰন একাডেমীৰ দশম শ্ৰেণীৰ মায়শ্ৰী ভাৰধৰা, স্মিতা বৰুৱা আৰু নৱম শ্ৰেণীৰ পূৰ্ণীমা সোণোৱাল৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7ac5ad17-a799-48a7-9d85-419f9ab1c05c/fa1ff88a_3721_49bf_80bd_90a02c7c09f1.jpg)
পুৰস্কৃত শিক্ষাৰ্থীসকলক অনুষ্ঠানতে একোখনকৈ মানপত্ৰ প্ৰদান কৰে৷ সন্ধিয়া ৬-৩০ বজাৰ পৰা আৰম্ভ হোৱা নাট প্ৰতিযোগিতাত এইবেলি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২১টা আগশাৰী নাট্য দলে অংশগ্ৰহণ কৰিছে ৷