/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b96e5ab4-1429-4717-a3ea-65817a276c68/8.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্র বেগী মহিন্দ্ৰা থাৰ বাহনে মহটিয়াই নিয়ে যাত্ৰীবাহী টেম্পুক। তিতাবৰৰ ন-আলি তিনিআলিত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা মহিন্দ্ৰা থাৰ বাহনখন অসম আৰক্ষীৰ৷ সুৰামত্ত হৈ বাহনখন চলোৱা চালকজন দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ এই দুৰ্ঘটনাটোত পুলিচৰ গাড়ীখনত থকা দুজনকে ধৰি মুঠ ৫জন লোক আহত হয় ৷
তৃতীয় অসম আৰক্ষী বাহিনীৰ এএছ৩০-৮১৩০ নম্বৰৰ বাহনখনে তীব্ৰ বেগত আহি প্ৰচণ্ড জোৰে এএছ০৩এচি২৫২৬ নম্বৰৰ টেম্পুখনক খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহতসকলক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
Also Read: ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কচুৱাত উত্তপ্ত পৰিস্থিতিঃ পলায়ন ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিন