/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1b7d7f83-b045-4d49-a311-3f0bba324360/9.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ ছত্তীছগড়ত ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় টাইকোৱানণ্ডো প্ৰতিযোগিতাত অসম দলৰ লৈ অংশ ল'ব বৰহোলাৰ বছা গাঁৱৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ৰিদিপ বৰাই। ৰিদিপ বৰাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা খবৰে বৃহত্তৰ বৰহোলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰি তুলিছে।
ৰিদিপ বৰাই গুৱাহাটীত অনুষ্ঠিত এক ৰাজ্যিক টাইকোৱানণ্ডো প্ৰতিযোগিতাত সোণৰ পদক আজুৰি অনাৰ পিছতে অসম দলৰ হৈ ২৫ কেজি শাখাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। তিতাবৰ টাইকোৱানণ্ডো সন্থাৰ অন্তৰ্গত বৰহোলাৰ বছা টাইকোৱানণ্ডো ক্লাৱত নিয়মীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৰিদিপ বৰাই। বৰহোলা, বেকাজান, মাধপুৰ, তিতাবৰ আদিৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীয়ে ৰিদিপ বৰালৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাত পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াব বুলি আশা প্ৰকাশ কৰিছে।
Also Read: মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক জব্দ