স্মৃতি সুঁৱৰি ৩১ বছৰীয়া শিক্ষকতা বৃত্তিৰ পৰা অৱসৰগ্ৰহণ প্ৰদীপ ৰাজখোৱাৰ

বিদায়ী ভাষণত সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল আৱেগিক হৈ পৰে

author-image
Asomiya Pratidin
New Update
স্মৃতি সুঁৱৰি ৩১ বছৰীয়া শিক্ষকতা বৃত্তিৰ পৰা অৱসৰগ্ৰহণ প্ৰদীপ ৰাজখোৱাৰ

ডিজিটেল সংবাদ,তিতাবৰ : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জীৱনৰ ৩১টা বসন্ত উৎসৰ্গা কৰি;চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰদীপ ৰাজখোৱাই। শনিবাৰে শিক্ষক ৰাজখোৱাৰ সন্মানৰ্থে এখনি বিদায় সভাৰ আয়োজন কৰা হয়।

Advertisment

বিদ্যালয়খনত শিক্ষক-কৰ্মচাৰী, ছাত্ৰ একতা সভা, শুভাকাংক্ষীয়ে এই অনুষ্ঠানৰ জৰিয়তে শিক্ষকগৰাকীক বিদায় সম্বৰ্ধনা জনায়। শিক্ষক প্ৰদীপ ৰাজখোৱাক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, স্মাৰক, সফুৰা আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰ দিনবোৰত সু-স্বাস্থ্যৰে সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ সমাজক উত্তৰণৰ নতুন পথ দেখুৱাব বুলি আশা প্ৰকাশ কৰে।

বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা ভাৰতী গগৈৰ সভাপতিত্বত সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰা হয়। শিক্ষক দিগন্ত বৰাই আঁত ধৰা সম্বৰ্ধনা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়য়খনৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্তই।

সভাত নিমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ নাথ হাজৰিকা, বুধীন্দ্ৰ নাথ হাজৰিকা, মঞ্জুলা গগৈ সন্দিকৈ, চক্ৰেন শইকীয়া, বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী কলিতা, শিক্ষাতত্ব বিভাগৰ অধ্যাপিকা ৰুণু গগৈ, শিক্ষক আৰিফ ৰহমান, শিক্ষয়িত্ৰী ৰূপজ্যোতি গগৈ, সাংবাদিক অজয় শইকীয়া আদি উপস্থিত থাকে। সভাত উপস্থিত থকা অতিথি,সহকৰ্মীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ ৰাজখোৱাৰ বিভিন্ন স্মৃতি সুঁৱৰি বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে ১৯৯২ চনৰ ২৩ এপ্ৰিলত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল প্ৰদীপ ৰাজখোৱাই। বিদায়ী ভাষণত সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল আৱেগিক হৈ পৰে।

Also Read: ঢকুৱাখনাত অসম গণ পৰিষদৰ প্ৰতিনিধিত্বমূলক সভা

teacher titabar school