নিশা মঙলদৈৰ উদ্যোগ চকত শােকাৱহ পথ দুর্ঘটনাঃ মাতৃ-পুত্ৰ নিহত...

নিশা মঙলদৈৰ উদ্যোগ চকত শােকাৱহ পথ দুর্ঘটনাঃ মাতৃ-পুত্ৰ নিহত...

author-image
Asomiya Pratidin
New Update
নিশা মঙলদৈৰ উদ্যোগ চকত শােকাৱহ পথ দুর্ঘটনাঃ মাতৃ-পুত্ৰ নিহত...

নিশা মঙলদৈৰ উদ্যোগ চকত শােকাৱহ পথ দুর্ঘটনাঃ মাতৃ-পুত্ৰ নিহত...

ডিজিটেল সংবাদ মঙলদৈঃ মঙ্গলবাৰে নিশা প্ৰায় ১২ বজাত মঙলদৈ উদ্যোগ চকত এক শােকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় মাতৃ আৰু পুত্ৰ। মঙলদৈৰ উদ্যোগৰ চকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুর্ঘটনা।

Advertisment

এখন ট্ৰাক আৰু স্কুটিৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত নিহত মাতৃ আৰু পুত্ৰৰ নাম ক্ৰমে জুৰি বৰুৱা শইকীয়া আৰু পৰাগ জ্যোতি শইকীয়া। তেওঁলোকৰ ঘৰ মঙলদৈৰ নিকতৱৰ্তী গেৰিমাৰীত।

উল্লেখ্য মৃত জুৰি বৰুৱা আৰু পৰাগ জ্যোতি শইকীয়া মঙলদৈৰ বিশিষ্ট অধিবক্তা কৰবীজ্যাতি শইকীয়াৰ মাতৃ আৰু ভাতৃ। নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। স্মৰ্তব্য যোৱা চেপ্টেম্বৰ মাহতে এই পৰিয়ালটোৱে হেৰুৱাইছিল তেওঁলোকৰ পিতৃক।

Also Read: খানাপাৰাৰ খণ্ড যুদ্ধই বিপদত পেলালে ৰাহুলক ! কেইবাজনৰ বিৰুদ্ধে গোচৰ...

পথ দুৰ্ঘটনা