তিতাবৰত সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত বিশাল জনসভা

"আত্মা বিজেপিত আৰু শৰীৰ কংগ্ৰেছত থাকি লাভ নাই"- গৌৰৱ গগৈ
তিতাবৰত সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত বিশাল জনসভা

ডিজিটেল সংবাদ, বেকাজানঃ 'কংগ্ৰেছে বিৰোধীত থাকি যি কাম কৰিব লাগিছিল সেয়া হিমন্ত বিশ্ব শৰ্মাই কৰি আছে । হিমন্ত বিশ্ব শৰ্মাই বিজেপিত থাকি পুৰণি বিজেপিক নিঃশেষ কৰি কংগ্ৰেছৰ মানুহক আগস্থান দি আছে যিটো আচলতে কাম কংগ্ৰেছে কৰিব লাগিছিল'- এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে।

শনিবাৰে তিতাবৰ লেটেকুজান বাগিচা খেল পথাৰত অনুষ্ঠিত কৰা বিশাল কৰ্মীসভাত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে বিজেপি গমন কৰা কংগ্ৰেছীক কটাক্ষ কৰি কয় আত্মা বিজেপিত আৰু শৰীৰ কংগ্ৰেছত থাকি লাভ নাই। যদি সাহস আছে কংগ্ৰেছ দল ত্যাগ কৰি যাওঁক আমি পুনৰ নির্বাচন খেলিবলৈ সাজু আছো।

তিতাবৰ ব্লক কংগ্ৰেছৰ সভাপতি অনিল চুতীয়া সভাপতিত্বত অনুষ্ঠিত বিশাল কৰ্মীসভাত ৰাইজক উদ্দেশি কয়- আপোনালোকে দেখিছে বিজেপিৰ প্ৰলোভন, ৰাজনীতিৰ পিছতো ৰাইজে হিলদল ভাঙি ওলাই আহিছে। আজি কংগ্ৰেছৰ কৰ্মীসভাত যিমান মানুহ হৈছে সেয়া বিগত সময়চোৱাত বিজেপিৰ ছয়জন মন্ত্ৰী তিতাবৰত বাহৰ পাতি পিকনিক খোৱাতকৈ দুগুণ হৈছে। বিজেপিয়ে আজি ৰাইজক নিমাত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে কণ্ঠ হৈ সাহস বৃদ্ধি কৰিছে। ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰাৰ জৰিয়তে কৈ গৈছে বিজেপিক ভয় খাব নালাগে । আজি আমি ৰাহুল গান্ধীৰ সেই বাৰ্তা গাঁৱৰ চুকে -কোনে লৈ গৈছো। কংগ্ৰেছে আৰু ৰাইজৰ অধিকাৰৰ হকে মাত মাতিছে। এয়া আৰম্ভণিহে ভৱিষ্যতে দেখা পাব কংগ্ৰেছৰ কণ্ঠ অধিক শক্তিশালী হ'ব।

উল্লেখযোগ্য যে আজি সাংসদ গৌৰৱ গগৈয়ে দলীয় কৰ্মীসভাত অংশ লবলৈ তিতাবৰত উপস্থিত হয়। ‌তেওঁ তিতাবৰত উপস্থিত হৈয়ে পোনে পোনে সেৱা ল'বলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা নামঘৰলৈ যায় । তাত তেওঁ নামঘৰ পৰিচালনা সমিতিৰ লোকৰ সৈতে প্ৰয়াত পিতৃ তৰুণ গগৈৰ কথা শুনি আৱেগিক হৈ পৰে। গৌৰৱ গগৈক নামঘৰৰ নিৰ্মাণত তৰুণ গগৈৰ ভূমিকা আৰু গুৰু দায়িত্ব পালন কৰাৰ কথা ক'লে জিলা নামঘৰৰ প্ৰাক্তন সভাপতি প্ৰেম গোৱালাই ।

তিতাবৰ সৈতে তৰুণ গগৈৰ আত্মীয়তা কথা শুনি নষ্টালজিক হৈ পৰে সাংসদ গৰাকী । লগে লগে মাতৃৰ ডলী গগৈৰ সৈতে ফোন যোগে কথা পতোৱাই খা-খবৰ ল'লে নামঘৰৰ প্ৰাক্তন সভাপতি প্ৰেম গোৱালাই। তাৰ পিছতে দলীয় কৰ্মীয়ে তিতাবৰ নগৰৰ মাজেৰে বিশাল বাইক ৰেলীৰে লেটেকুজান বাগিচা খেল পথাৰত অনুষ্ঠিত কৰা বিশাল জনসভালৈ আদৰি আনে সাংসদ গৰাকীক।

লেটেকুজান চাহ বাগিচাৰ জনসভাত গৌৰৱ গগৈয়ে কয় ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছে বিৰোধীত থাকি যি কাম কৰিব লাগিছিল সেয়া হিমন্ত বিশ্ব শৰ্মাই কৰি আছে ! হিমন্ত বিশ্ব শৰ্মাই বিজেপিত থাকি পুৰণি বিজেপিক নিঃশেষ কৰি কংগ্ৰেছৰ মানুহক আগস্থান দি আছে।

উল্লেখযোগ্য যে তিতাবৰ সমষ্টিত বিজেপিয়ে সাংগঠনিক দিশ শক্তিশালী কৰিব বাবে ছয়জন কৈ মন্ত্ৰী বাহৰ পাতি বুথে বুথে ঘূৰিছে তেনে সময়ত গৌৰৱ গগৈৰ জনসভাত পাঁচ শতাধিক ৰাইজৰ আগমনে কংগ্ৰেছ ভেটি কিমান শক্তিশালী তাকে উমান দিছে।

তিতাবৰত সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত বিশাল জনসভা
গুলজাৰ আৰু জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ জ্ঞানপীঠ বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in