গুলজাৰ আৰু জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ জ্ঞানপীঠ বঁটা...

শনিবাৰে বঁটা ঘোষণা কৰে জ্ঞানপীঠ কমিটিয়ে

author-image
Asomiya Pratidin
New Update
গুলজাৰ আৰু জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ জ্ঞানপীঠ বঁটা...

গুলজাৰ আৰু জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ জ্ঞানপীঠ বঁটা...

ডিজিটেল ডেস্কঃ উৰ্দু ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ৫৮ সংখ্যক জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে গুলজাৰলৈ। ১৭ ফেব্ৰুৱাৰীত জ্ঞানপীঠ কমিটিয়ে এই বঁটা ঘোষণা কৰিছে। গুলজাৰৰ উপৰিও দেশৰ সাহিত্য ক্ষেত্ৰৰ এই সৰ্বোচ্চ সন্মাম প্ৰদান কৰা হৈছে সংস্কৃত ভাষাৰ পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক।

Advertisment

১৯৩৪ চনৰ ১৮ আগষ্টত জন্মগ্ৰহণ কৰা গুলজাৰ হিন্দী ছবিৰ গীতিকাৰ তথা চিত্ৰনাট্যকাৰ হিচাপে জনপ্ৰিয়। ইয়াৰোপৰি তেওঁ পৰিচালনা কৰিছে কেইবাখনো ছবিও পৰিচালনা কৰিছে। চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগত তেওঁ জড়িত যদিও উৰ্দু আৰু পঞ্জাৱী ভাষাৰ সাহিত্যত তেওঁৰ অৱদান যথেষ্ঠ। এগৰাকী উৰ্দু আৰু পঞ্জাৱী কবি হিচাপে তেওঁ সৰ্বত্ৰে সমাদৃত। তেওঁৰ একাধিক কাব্য গ্ৰন্থ প্ৰকাশ হোৱাই নহয়, সেই গ্ৰন্থই অভিলেখো গঢ়িছে।

আশীৰ দশকত তেওঁৰ দ্বাৰা ৰচিত গীত 'মেৰা কুছ সামান'-এ লাভ কৰিছিল ৰাষ্ট্ৰীয় পুৰস্কাৰ। এই পৰ্যন্ত তেওঁ পাঁচটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০০২ত তেওঁ সাহিত্য অকাডেমি বঁটা, ২০০৪ চনত পদ্মভূষণ আৰু ২০১০ চনত গ্ৰেমী বঁটা লাভ কৰিছে। ২০১৩ চনত তেওঁক দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছে। বাকী আছিল কেৱল জ্ঞানপীঠ। এতিয়া সেয়াও তেওঁ লাভ কৰাটো নিশ্চিত হ'ল।

ইফালে, জগদগুৰু ৰামভদ্ৰচাৰ্যই চিত্ৰকূটত তুলসী পীঠ স্থাপন কৰিছিল। তেওঁ এগৰাকী হিন্দু ধৰ্মীয় আধ্যাত্মিক গুৰু হিচাপেই পৰিচিত। ইয়াৰোপৰি তেওঁ এগৰাকী সংস্কৃত পাণ্ডিত্যপূৰ্ণ লেখক হিচাপেও বিখ্যাত। তেওঁ ১০০ খনতকৈও অধিক গ্ৰন্থ লিখিছে। এই দুয়োজনকে ৫৮ সংখ্যক জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

Also Read: 'অনুকৰ্শন অভিদৰ্শন' : লক্ষীকান্ত মহন্তৰ অভিনন্দ গ্ৰন্থ...

জ্ঞানপীঠ