/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ee480726-686b-4e87-9561-3ce71c1c9af3/25f3eb64_b8ca_412c_a27d_a3396ba32096.jpg)
ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নগাবাট চেনীজান প্ৰাথমিক বিদ্যালয়ৰ কৃৰ্তি প্ৰধান শিক্ষক ৰবীন চুতীয়াক শনিবাৰে ৰাজহুৱা বিদায় সম্বধৰ্না জনোৱা হয়। এই উপলক্ষে পুৱা প্ৰিয় শিক্ষকগৰাকীক ছাত্র-ছাত্ৰীসকলে ঘৰৰ পৰা আদৰি আনে ।
ইয়াৰ পিছত চেনীজান ৰাজহুৱা প্ৰেক্ষাগৃহত শিক্ষক প্ৰাঞ্জল গগৈয়ে আঁত ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰে ৰাইদাংজুৰি প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক ৰোহিত গগৈয়ে। আনহাতে বিদায় সভাত কৃৰ্তি ৰবীন চুতীয়াৰ শিক্ষকতা জীৱন আৰু তেওঁ চেনীজান অঞ্চলটোলৈ আগবঢ়োৱা শৈক্ষিক অৱদানৰ ওপৰত আলোকপাত কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মুকুতা কছাৰী, শংকৰমাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ গগৈ , শিক্ষক প্ৰদীপ কুৰ্মী , সমলব্যক্তি প্ৰাণজিত বৰকাকতি দেৱজিত দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a9b0239c-797d-4aab-a3d3-1fba7282cc77/349a4ddd-fe31-47fe-95d5-3c810c3a367f.jpg)
সভাত অতিথি হিচাপে উপস্থিত থাকে বৰহোলা প্ৰেছ ক্লাবৰ সভাপতি মণ্টুচ্ কোঁৱৰ ,সম্পাদক অজয় শইকীয়া, সাংবাদিক মুনমী লালিম, ৰিতুৰাজ বৰুৱা , যুৱ সমাজকৰ্মী চত্ৰজিত যাদৱ শিক্ষক পল্লৱ শইকীয়া, ৰমেন গগৈ । শিক্ষক ৰবীন চুতীয়াক বিদ্যালয়ৰ তৰফৰ পৰা প্ৰধান শিক্ষয়িত্ৰী মুনমী গগৈ শইকীয়া, সভাপতি হেমচন্দ্ৰ গগৈ, ৰাইদাংজুৰি প্ৰাথমিক শিক্ষক কেন্দ্ৰ ৰোহিত গগৈ , চেনীজান প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, চেনীজান গাঁৱৰ ৰাইজৰ, চেনীজান যুৱক সংঘ, , তিতাবৰ মহকুমা সন্মিলনীয়ে সফুৰা, চেলেং চাদৰ ধৰ্মগ্ৰন্থ আৰু সম্বধৰ্না পত্ৰৰে সম্বধৰ্না জনায়।
উল্লেখযোগ্য যে ৰবীন চুতীয়াই ১৯৮৮ চনত চেনীজান প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰি সুদীৰ্ঘ ৩৬ বছৰ শিক্ষকতা কৰি ২০২৪ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। আজি তেওঁক বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট, আৰু ৰাইডাংজুৰি শিক্ষক কেন্দ্ৰ , বেকাজান সমল কেন্দ্ৰ, ৰূপ কোঁৱৰ মইনা পাৰিজাত আৰু তিতাবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু বিদ্যালয়খনৰ প্ৰতিজন কণ কণ ছাত্ৰীয়ে একোখন ফুলাম গামোচাৰে আনুষ্ঠানিকভাৱে ৰাজহুৱা বিদায় সম্বধৰ্না জনোৱা হয়।
উল্লেখযোগ্য যে নগা পাহাৰৰ দাঁতিৰ চেনীজান দৰে অনগ্ৰসৰ অঞ্চলটো শিক্ষা পোহৰ দেখুৱাব লৈ অশেষ ত্যাগ স্বীকাৰ কৰিছিল । তদুপৰি তেওঁ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4f84ffad-d922-45f1-b8a4-028e2a9c88ec/34280a2f-af63-47da-ba0d-09db6e618038.jpg)
বিভিন্ন গঠনমূলক কৰ্মৰাজিৰে যোৰহাট জিলাৰ ভিতৰতে চেনিজান প্ৰাথমিক বিদ্যালয়ক এখন আদৰ্শ শিক্ষানুষ্ঠানত হিচাপে গঢ়ি তোলাৰস্বীকৃতি স্বৰূপে ৰবীন চুতীয়াক ২০২৩ চনত যোৰহাট জিলা কৃতী শিক্ষক বঁটাৰে সন্মানিক কৰা হৈছিল। ইয়াৰোপৰি সদৌ অসম ভিত্তিত পদ্মনাথ গোহাঞি বৰুৱাজীৱন সমৃদ্ধ বঁটা আৰু ২০১৬ চনত যোৰহাট জিলা শ্ৰেষ্ঠ বিদ্যালয় পাৰদৰ্শিতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
সভাত তিতাবৰ শিক্ষা খণ্ডৰ খণ্ড সমলব্যক্তি জোনালী বন গোস্বামী , বেকাজান সমল কেন্দ্ৰৰ দেৱজিত দাস , ত্ৰিদিৱ বৰুৱা, যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি, তিতাবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়া, সম্পাদক চামছুল জামালে কৃৰ্তিশিক্ষক ৰবীন চুতীয়া সম্বধৰ্না জনায়। সভাত চেনীজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বাৰেৰহনীয়া গীত নৃত্য পৰিবেশন সকলোকে আপ্লুত কৰে ।
Also Read: লংকাৰ শংকৰদেৱ নগৰত গ্ৰেপ্তাৰ দুই এ টি এম চোৰ