/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b4b222f2-fa1f-4dd2-b6ef-3178b7d0c9c3/178.jpg)
ডিজিটেল সংবাদ, তিতাবৰ : বৰহোলাৰ সমীপৰ বৰকছাৰী খেলপথাৰত বৰকছাৰী ক্ৰিকেট ক্লাৱৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ মঙলবাৰে সামৰণি পৰে। বিয়লি বালিজান বয়জ আৰু ৰাংচালি ক্ৰিকেট ক্লাৱৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত বালিজান বয়জ দলটোৱে বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
খেল শেষ হোৱাৰ লগে লগে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। ক্ৰিকেট উদযাপন সমিতিৰ সভাপতি বিজয় হাজৰিকাই আঁত ধৰা সভাত বিজয়ী বালিজান বয়জ দলক প্ৰয়াত গন্ধেশ্বৰী হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান কৰে পৰিয়ালবৰ্গৰ হৈ ভদ্ৰেশ্বৰ হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/78d69354-a342-471b-9ae5-16062ef891eb/3d52263a_55e9_4f04_a7c0_249ac67669cf.jpg)
আনহাতে বিজেতা ৰাংচালি ক্ৰিকেট ক্লাৱক প্ৰয়াত ভূধৰ বড়া সোঁৱৰণী বঁটা প্ৰদান কৰে পৰিয়ালবৰ্গৰ হৈ সমাজসেৱীকা ৰাণু বড়াই। চূড়ান্ত খেলত শ্ৰেষ্ঠ খেলুৱৈ খিতাপ অৰ্জন কৰা ৰিংকু শৰ্মা আৰু মেন অৱ দা চিৰিজ বিকি গগৈক প্ৰয়াত শাওনী বৰা সোঁৱৰণী বঁটা প্ৰদান কৰে ভোগেশ্বৰ বৰাই।
অনুষ্ঠানত বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সভাপতি দেৱজিৎ পাঠক, সংবাদকৰ্মী কুমুদ বৰা, যুৱকৰ্মী পিংকু শইকীয়া, ধ্ৰুৱজিৎ পাঠক আদি উপস্থিত থাকি কেইবাগৰাকীয়ে চমু ভাষণেৰে খেলুৱৈসকলক উৎসাহিত কৰে। আগন্তুক বৰ্ষতো বৰকছাৰীৰ এই ক্ৰীড়াক্ষেত্ৰত বিভিন্ন প্ৰতিযোগিতামূলক খেল অনুষ্ঠিত কৰি অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি ক্ৰিকেট উদযাপন সমিতিৰ সভাপতি বিজয় হাজৰিকাই ব্যক্ত কৰে।
Also Read: উন্নয়ন দেখা নাই ৰাইজেঃ প্ৰদান বৰুৱা, ৰণোজ পেগু গ' বেক ধ্বনিৰে নিৰ্বাচন বৰ্জনৰ হুংকাৰ...