/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/bb2129e3-3871-48d7-b820-f187bf929247/dhemaji_2.jpg)
উন্নয়ন দেখা নাই ৰাইজেঃ প্ৰদান বৰুৱা, ৰণোজ পেগু গ' বেক ধ্বনিৰে নিৰ্বাচন বৰ্জনৰ হুংকাৰ...
ডিজিটেল সংবাদ লখিমপুৰঃ নিৰ্বাচনী প্ৰচাৰ তুংগত থকাৰ সময়তে এক বেয়া খবৰ লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বাবে ৷ নিজ সমষ্টিতে গ' বেক ধ্বনিৰ সন্মুখীন প্ৰদান বৰুৱা আৰু ডাঃ ৰণোজ পেগু ৷
আনকি নিৰ্বাচনী প্ৰচাৰ তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে সমষ্টিটোৰ এখন গাঁৱৰ ৰাইজে নিৰ্বাচন বৰ্জনৰো হুংকাৰ দিছে। উল্লেখ্য যে, ৰাজ্যৰ চৌদিশে উন্নয়নৰ ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰখনৰ সুদৃষ্টিৰ পৰা নাই লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজিৰ বাটঘৰীয়া অঞ্চলৰ ঘেয়াৰী গাঁৱত ৷
ধেমাজি নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ ২ নং ঘেয়াৰী গাঁৱত বছৰ বছৰ ধৰি ৰাইজে এখনি বাঁহৰ দলঙেৰে যাতায়াত কৰি আহিছে৷ অঞ্চলটোৰ ২নং ঘেয়াৰী, দুলুংকান, পাভমাৰী, শালমাৰি,গৰৈমাৰীকে ধৰি গাওঁকেইখনৰ সহস্ৰাধিক ৰাইজে সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক যাতায়তৰ সুবিধা হোৱাকৈ এখনি পকী দলং নিৰ্মাণ কৰি দিবলৈ বাৰম্বাৰ আবেদন নিবেদন জনাই আহিছে যদিও সাংসদ আৰু বিধায়কেগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাই৷
ৰাইজে নিজে নিৰ্মাণ কৰি লোৱা বাঁহৰ দলংখন ইতিমধ্যে পুৰণি, জৰাজীৰ্ণ হৈ ভাঙি যোৱাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ বাবে এতিয়া নৰক যন্ত্ৰণা ভূগিছে ৷ গাওঁকেইখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীক এই জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দৈনিক পাৰাপাৰ হ'ব লগীয়া অৱস্থা হৈছে ৷
গাওঁকেইখনৰ শতাধিক লোকে জৰাজীৰ্ণ দলংখনৰ কাষলৈ ওলাই আহি এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি বিজেপি গ'বেক, প্ৰদান বৰুৱা গ'বেক, বিধায়ক ৰণোজ পেগু গ'বেক শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি আগুন্তুক লোক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৷