/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/7h90bj5k/23517327-1942-4c2e-9748-09e9c5c7adcc.jpg)
ডিজিটেল সংবাদ, বেকাজান : তিতাবৰৰ সাংস্কৃতিক শিক্ষানুষ্ঠান জ্ঞানমত এদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰাক শিক্ষক দিৱস উদযাপন কৰে । জ্ঞানমৰ বাকৰিত অনুষ্ঠিত হোৱা প্ৰাক শিক্ষক দিৱসৰ বন্তি প্ৰজ্বলন কৰে সমাজসেৱিকা জয়া বৰাই।
ইয়াৰ পিছত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতি বিমান শইকীয়া , বেকাজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মণ্টুচ্ কোঁৱৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ দিজেন্দ্ৰে নাৰায়ণ ৰাও, সাংবাদিক মুনমী লালিম, প্ৰাগজ্যোতিক ইংলিছ স্কুলৰশিক্ষক পলাশ তামুলী আৰু শুভাশীষ দত্ত। ৰুমা দত্ত শইকীয়াই আঁত ধৰা অনুষ্ঠান টিত আদৰণি ভাষণ দিয়ে জ্ঞানমৰ সঞ্চালিকা উত্তৰা শইকীয়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/zdrdtbu0/566e99e1-bbb9-4864-a4d3-b897e796fec4.jpg)
প্ৰাক্ শিক্ষক দিৱসত ছাত্র ছাত্ৰীসকলে গীত কবিতা আৰু সৃষ্টিশীল পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। শেষত থলীতে অনুষ্ঠিত কৰা চিত্ৰাংক প্ৰতিযোগিতাৰ পুৰষ্কাৰ বিতৰণ কৰা হয়।
Also Read: আজি অভিৰুচি ক্ৰীড়া দিৱস