/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8940bd78-ed6c-460e-a29b-33ae1e2c5574/6.jpg)
ডিজিটেল ডেস্ক : "এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গন...।" আজি ৩ ছেপ্তেম্বৰ-অভিৰুচি ক্ৰীড়া দিৱস। প্ৰতি বছৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। বিভিন্ন দল-সংগঠনৰ লগতে স্কুল তথা ক্ৰীড়া সংস্থাসমূহৰ উদ্যোগত এই দিৱস পালন কৰা অহা হৈছে।
উল্লেখযোগ্য যে,১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে আজিৰ এই দিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হৈ আহিছে ৷ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত দৌৰ প্ৰতিযোগিতা,সাংস্কৃতিক অনুষ্ঠান আদিৰ উপৰি বিভিন্ন প্ৰতিযোগিতাৰ লগতে খেল-ধেমালিত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বিশেষভাৱে সন্মান জনোৱা হয়।
মথুৰাপুৰত অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন-
সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে মঙলবাৰে ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় ৷
মথুৰাপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰিব লোৱা দিৱসটিৰ কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া দৌৰ, পতাকা উত্তোলন কৰাৰ পাছত অৱসৰপ্ৰাপ্ত ক্রীড়া বিষয়া বম্বেশ্বৰ বৰুৱাই বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
বিয়লি ক্রীড়াৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ সম্বর্ধনা আৰু বঁটা বিতৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।