/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a24cfb44-d335-45a3-ac3d-e1a346719f2e/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে যোৰহাট জিলাৰ অন্তৰ্গত জাঁজীপৰীয়া কেইবাটাও অঞ্চল ভ্ৰমণ কৰি নদী খহনীয়া অধ্যুষিত স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে । জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ জাঁজী শেনচোৱা বৰাগাঁৱত উপস্থিত হৈ জাঁজী নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় আৰু ইয়াৰ কাষতে আয়োজিত এখন সভাত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1812752b-a13d-4227-bbdd-12ceb5596a16/f846c446_f6bc_4b27_a089_645eb0dd924a.jpg)
জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ তথ্য ভিত্তিত আৰু ৰাইজৰ দাবী অনুসৰি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ হাটীমূৰীয়া, শেনচোৱা, বৰাগাঁও, গায়নগাঁও আৰু ধেমাজিগাঁৱৰ খহনীয়াৰোধৰ কাম আগন্তুক বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ইয়াৰ লগতে স্থানীয় ৰাইজৰ পৰা গাঁও কেইখনৰ যাতায়াত ব্যৱস্থাৰ সমস্যাৰ বিষয়ে জানিব পাৰি মুখ্যমন্ত্ৰীক অৱগত কৰি সমাধানৰ বাবে উদ্যোগ লোৱা হ'ব বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8e0434fb-bc64-483a-b664-25459ce5b49e/c3fce197_d396_41bd_8d57_4e638180d179.jpg)
পাছত মন্ত্ৰী হাজৰীকাই অঞ্চলটোৰ বনাই গাঁৱত উপস্থিত হৈ জাঁজী নদীয়ে সৃষ্টি কৰা খহনীয়া আৰু বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্থ কৰা মথাউৰিৰ অংশ পৰিদৰ্শন কৰে । উল্লেখ্য যে, বিগত সময়ত বনাই অঞ্চলত প্ৰায় ডেৰ কিলোমিটাৰ অংশত জাঁজী নদীৰ বাঢ়নী পানী মথাউৰিৰ ওপৰেৰে বৈছিল। মঙলবাৰৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে অহা দুই-তিনি মাহৰ ভিতৰত মথাউৰিটো ওখ আৰু বহল কৰাৰ বাবে যাৱতীয় কাম আৰম্ভ কৰা হ'ব বুলি উপস্থিত স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/446d792a-0754-46db-aaad-18543ed6c0fc/fa187a51_a394_4652_afcf_3c960366c9dd.jpg)
বনাই হনুমান মন্দিৰত স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰি সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিছত নতুনকৈ মৰিয়নি সমষ্টিত অন্তৰ্ভুক্ত হ'বলগা অঞ্চলটিৰ স্থানীয় ৰাইজৰ পৰা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই সমস্যাসমূহৰ সমাধানৰ বাবে ক্ষীপ্ৰতাৰে যাৱতীয় কাম হাতত লোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে । দ্ৰষ্টব্য যে, আলোচনাতে জাঁজী পাৰৰ প্ৰায় ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি পকী কৰিবলৈ স্থানীয় ৰাইজে জনোৱা আহ্বানক মন্ত্ৰীগৰাকীয়ে মৰিয়নিৰ বিধায়ক ৰূপজ্যােতি কুৰ্মীৰ সৈতে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰি কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি কথা দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ed8bc6e9-9877-4bad-ad23-8d5d302ac118/3e750a4f_6ee7_4683_b532_35c2150fc1a4.jpg)
বনাইৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে জেলেঙীটূপৰ চোচাবাটত উপস্থিত হৈ বিভাগীয় এখন শ্লুইচ গেট পৰিদৰ্শন কৰি বন্ধ হৈ থকা গেটখন অনতিপলমে কাৰ্যক্ষম কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে মন্ত্ৰীগৰাকীৰ আগমণৰ বাবে জকাইচুক আৰু শিমলুগুৰি মৌজাৰ বান প্ৰতিৰোধ আৰু যোগাযোগ সমিতিৰ উদ্যােগত আয়োজিত ৰাজহুৱা সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে আৰু অঞ্চলবাসীৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় । জাঁজীপৰীয়া অঞ্চল পৰিদৰ্শনৰ সময়ত স্থানীয় ৰাইজৰ উৎসাহভৰা আদৰ-অভ্যৰ্থনাত অভিভূত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1b4423b5-4f1d-4775-8110-157921cee6c5/2d72c369_97f6_45d5_ba63_19539497155f.jpg)
Also Read: অগ্নিগৰ্ভা মণিপুৰঃ পুনৰ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান