অগ্নিগৰ্ভা মণিপুৰঃ পুনৰ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান

মণিপুৰত ৪ মাহৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি হোৱাৰ লগে লগে ভাইৰেল হোৱা বহু দৃশ্যই পুনৰ উত্তপ্ত কৰি তুলিছে ৰাজ্যখনক

author-image
Asomiya Pratidin
New Update
অগ্নিগৰ্ভা মণিপুৰঃ পুনৰ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈয়ে আছে অগ্নিগৰ্ভা মণিপুৰ। মণিপুৰত ৪ মাহৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি হোৱাৰ লগে লগে ভাইৰেল হোৱা বহু দৃশ্যই পুনৰ উত্তপ্ত কৰি তুলিছে ৰাজ্যখনক। যাৰ বাবে মণিপুৰৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যপালে।

Advertisment

উল্লেখ্য যে, মেইটেই আৰু কুকিসকলৰ মাজত ৩ মে'ৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে ৰাজ্যখনত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। উত্তপ্ত পৰিস্থিতিক সাম কটোৱাৰ উদ্দেশ্যৰে প্ৰায় ৪ মাহৰ ধৰি ইণ্টাৰনেট সেৱা বন্ধ থকা ৰাজ্যখনত বিগত ২৩ ছেপ্টেম্বৰত পুনৰ ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছিল ।

ইণ্টাৰনেট সেৱা মুকলি হোৱাৰ লগে লগে ৰাজ্যখনৰ দুই গোষ্ঠীৰ মাজত বিয়পি পৰে বিগত ৪ মাহত সংঘটিত হোৱা বহু দুষ্কাৰ্য্যৰ দৃশ্য। ইয়াৰ মাজতে জুলাই মাহতে নিখোঁজ হোৱা দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটোও বিয়পি পৰে সামাজিক মাধ্যমত। দীৰ্ঘদিন ধৰি দুই শিক্ষাৰ্থী সন্ধানহীন হৈ থকাৰ পাছত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ হোৱাত দুয়োৰে মৃতদেহৰ ছবি পোহৰলৈ অহাৰ পাছতে শিক্ষাৰ্থী দুজনৰ মৃত্যুৰ তদন্ত বিচাৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

এই ঘটনাৰ সমান্তৰাল ভাবে আন আন কেইবাটাও ঘটনাই সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ বাবে ৰাজ্যখনত পুনৰ ১ অক্টোবৰলৈ সাময়িকভবে স্থগিত ৰখা হৈছে ইণ্টাৰনেট সেৱা। তদুপৰি বন্ধ ৰখা হৈছে শিক্ষা প্ৰতিষ্ঠানসমূহ।

Also Read: হেপ্পী বাৰ্থদে Google

manipur violence