/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a94a944f-77d0-4514-8a24-4a6c43c3ccf4/9.jpg)
ডিজিটেল সংবাদ, দিশপুৰঃ অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে যোৰহাট জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে তিতাবৰ, মৰিয়নি, যোৰহাট আৰু টীয়ক ভ্ৰমণ কৰি ৰাজ্য চৰকাৰে চলাই থকা বিকাশ যাত্ৰাৰ অংশ হিচাপে ১৩ খন বিদ্যালয়ৰ শৈক্ষিক গৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন আৰু ৩ খন নতুন চাহ বাগিচা আদৰ্শ বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি পূজন অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cf8cf44e-66d3-4d3c-a4db-8274b6b14bdc/WhatsApp_Image_2024_03_06_at_5_29_24_PM.jpeg)
মন্ত্রীগৰাকীয়ে প্রথমতে তিতাবৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশ লৈ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ৭কোটি টকাৰে নিৰ্মাণ হ’বলগা তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন শৈক্ষিক গৃহৰ আধাৰশিলা স্থাপন আৰু তিনি কোটি টকা ব্যয়সাপেক্ষ নতুনকৈ নিৰ্মাণ হ’বলগা মেজেঙা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ভূমিপূজন কৰে । তিতাবৰৰ পৰা মন্ত্ৰীগৰাকীয়ে মৰিয়নিলৈ গৈ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এখন সভাত অংশ লয় আৰু বিদ্যালয়খনৰ লগতে আন দুখন বিদ্যালয় ক্ৰমে নকচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেলেংহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। এই বিদ্যালয়কেইখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ক্ৰমে তিনি, আঠ আৰু সাত কোটি টকাৰ আবন্টন দিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d6777604-d431-4f3f-83c6-176b2af019e2/WhatsApp_Image_2024_03_06_at_5_29_27_PM__1_.jpeg)
এই অনুষ্ঠানতে মন্ত্ৰী হাজৰীকাই দুখনকৈ চাহ বাগিচা আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কামো আৰম্ভ কৰে । তিনি কোটিকৈ টকা ব্যয়েৰে কাম আৰম্ভ হ’বলগা এই আদৰ্শ বিদ্যালয় দুখন হৈছে খনিকৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু গাভৰু চাহ বাগিচা আদৰ্শ বিদ্যালয় । পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে যোৰহাট আৰু টীয়ক বিধানসভা সমষ্টিত ক্ৰমে ডিচিবি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু চিনিজান উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত দুখন সভাত অংশ লৈ এই বিদ্যালয় দুখনৰ লগতে আন সাত খন বিদ্যালয় ক্ৰমে দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ চেমিনাৰী, নামদেউৰী উচ্চ মাধ্যমিক বিদ্যালয়, চেনি আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়, মেলেং উচ্চ মাধ্যমিক বিদ্যালয় আৰু লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৪৪.৫৫ কোটি টকা ব্যয়সাপেক্ষ নতুন শৈক্ষিক গৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। ইয়াৰে লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়খন সমগ্ৰ শিক্ষা অভিযানৰ অধীনত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fd849ea3-18b3-4137-adb7-d4e96ca070c6/WhatsApp_Image_2024_03_06_at_5_29_26_PM__1_.jpeg)
আজিৰ এই চাৰিওখন সভাতে অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত শিক্ষা ব্যৱস্থাৰ লগতে সামগ্ৰিক উন্নয়নৰ বাবে চলি থকা কামসমূহৰ বিষয়ে উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় এটা সপ্তাহৰ ভিতৰতে সমগ্ৰ ৰাজ্যখনৰ ৩১৫ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিদ্যালয়ে প্ৰতি তিনিৰ পৰা আঠ কোটি টকা পৰ্যন্ত আবন্টন কৰি কাম আৰম্ভ কৰা হৈছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াসত হৈ থকা এই কামৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, "মুখ্যমন্ত্ৰী মহোদয়ে বুজি পায় যে অসমৰ শিক্ষা ব্যৱস্থাক যদি আমি উন্নত কৰিব নোৱাৰো অথবা শিক্ষা ব্যৱস্থাক যদি আমি আগুৱাই লৈ যাব নোৱাৰো, তেতিয়াহ’লে অসমখনক কেতিয়াও আমি এখন উন্নত অসমত পৰিগণিত কৰিব নোৱাৰিম বা অসমক আমি দেশৰ উন্নত পাঁচখন ৰাজ্যৰ মাজলৈকে লৈ যোৱাৰ সপোন কেতিয়াও বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিম ।"
ভাষণ প্ৰসংগত জলসম্পদ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ উন্নত দেশ হিচাপে গঢ়ি তোলাৰ যি সপোন দেখিছে তাক বাস্তাৱায়িত কৰিবলৈ আমাৰ সকলো নাগৰিক শিক্ষিত আৰু স্বাস্থ্যৱান হ’ব লাগিব । অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা উপলব্ধি কৰিয়েই ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে দিনে নিশাই কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিদ্যালয়ৰ আন্তঃগাথনি নিৰ্মাণ, শিক্ষক নিযুক্তি আৰু প্ৰায় প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ প্ৰয়াস মুখ্যমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাৰ প্ৰতিফলন ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3e3fa6bd-60a7-4d92-8526-8c5041350a64/WhatsApp_Image_2024_03_06_at_5_29_26_PM.jpeg)
মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা আমাৰ বাবে অতিকে প্ৰয়োজনীয় আৰু শিক্ষা লাভৰ লগে লগে এটা পৰিয়াল আৰু এখন সমাজৰ সামগ্ৰিক পৰিৱেশ সলনি হৈ পৰে আৰু বিশেষকৈ শিক্ষিত হোৱাৰ লগে লগে ব্যক্তি এজন আৰ্থিক দিশত স্বাৱলম্বী হৈ পৰে। বৰ্তমান চৰকাৰ খনে দুটা বছৰত প্ৰায় ৯৭ হাজাৰ নিকা চৰকাৰী নিযুক্তিৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বৰ্তমান চৰকাৰখনে কাকো দুৰ্নীতিৰে টকা খাবলৈ দিয়া নাই । বৰ্তমানৰ প্ৰতিযোগিতামূলক সময়ত বৃত্তিমূলক আৰু কাৰীকৰি শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উপস্থিত সকলোকে উত্তৰ প্ৰজন্মক বৃত্তিমূলক আৰু কাৰীকৰি শিক্ষাৰ বাবে আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায় কিয়নো বৰ্তমান দেশৰ লগতে অসমতো যিটো হাৰত বিনিয়োগকাৰী বাঢ়িছে সেই হাৰত আমাক কাৰীকৰি শিক্ষাৰে শিক্ষিত বহুতো ব্যক্তিৰ প্ৰয়োজন হ’ব।|
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ede4ffa5-d3b5-4f43-bbe0-1d3862c92bbe/WhatsApp_Image_2024_03_06_at_5_29_28_PM.jpeg)
ভাষণ প্ৰসংগত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰো মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি যেনে আয়ুষ্মান ভাৰত, উজ্জ্বলা আঁচনি, প্ৰধানমন্ত্ৰী আৱাজ যোজনা, ৰেচন কাৰ্ড আদিৰ লগতে চৰকাৰৰ উদ্যোগত চলি থকা ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, গুৱাহাটীৰ চাৰিওদিশে ৰিং ৰোড নিৰ্মাণ, গহপুৰৰ পৰা নুমলীগড়লৈকে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগা প্ৰস্তাৱিত সুৰংগ, কাজিৰঙাৰ মাজত নিৰ্মাণ কৰিবলগা প্ৰস্তাৱিত এলিভেটেড কৰিদৰ আদিৰ কথাও উল্লেখ কৰে। আজিৰ এই চাৰিওটা সমষ্টিতে মন্ত্ৰী পীযুষ হাজৰীকাৰ লগত সমষ্টি কেইটাৰ বিধায়কসকল আৰু জিলা প্ৰশাসন তথা বিভাগীয় বিষয়াসকল উপস্থিত থাকে।
Also Read: প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সৰব আম আদমি পাৰ্টী