প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সৰব আম আদমি পাৰ্টী

মোডীৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ খতিয়ান দাবী আপ-অসমৰ
প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সৰব আম আদমি পাৰ্টী

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক অসম ভ্ৰমণৰ পূৰ্বে সৰব হৈছে আম আদমি পাৰ্টী। প্ৰধানমন্ত্ৰী মোডীয়ে অসমবাসীক পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ খতিয়ান বিচাৰে দলটোৱে। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সাংগঠনিক সম্পাদক ড৹ মানুন ইমদাদুল হক চৌধুৰীয়ে কয় যে মোদী ডাঙৰীয়াক অসমবাসীয়ে বহুত মৰম দিলে। কিন্তু ইয়াৰ বিনিময়ত তেওঁ প্ৰতাৰণাৰ পিছত প্ৰতাৰণাহে কৰি আছে। ২০১৪ চনৰ পূৰ্বে তেওঁ কৈছিল অসমে এখন শুদ্ধ এন আৰ চি পাব। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমে এখন এন আৰ চি পালে হয়, কিন্তু সেইখন শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰিলে। ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰস্তুত কৰা এন আৰ চি খনক নস্যাৎ কৰি মোডী ডাঙৰীয়াই অসমত ‘কা’ জাপি দিলে। ‘কা’ৰ জৰিয়তে নাগৰিকত্ব পোৱাৰ ২০১৪ চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰা হ’ল। একেদৰে অসম চুক্তিৰ ৬নং দফাৰ বাবে গঠন কৰি দিয়া ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে-আখৰে পালন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিবেদনখন চৰকাৰে গ্ৰহণেই নকৰিলে বুলি মন্তব্য কৰে।

লগতে তেওঁ কয় যে ২০২০ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই অসমৰ বান সমস্যা বিজ্ঞানসন্মতভাৱে সমাধানৰ বাবে নীটি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত উত্তৰ পূৰ্বাঞ্চল জল ব্যৱস্থাপনা প্ৰাধিকৰণ গঠন কৰা হ’ব বুলি কৈছিল। কিন্তু এই North East Water Management Authority বা NEWMA এতিয়ালৈকে গঠন হোৱা নাই কিয়? প্ৰতি বছৰে হৈ থকা বান-খহনীয়া ৰোধ কৰিবৰ বাবে মোডী ডাঙৰীয়া আগ্ৰহী নহয় নেকি?

মোডী ডাঙৰীয়াই সৰ্বভাৰতীয় পৰ্যায়ত দিয়া প্ৰতিশ্ৰুতি কেতবোৰ অসমৰ বাবেও সমানেই প্ৰযোজ্য যদিও সেইবোৰ প্ৰতিশ্ৰুতিও তেওঁ পূৰণ কৰিব পৰা নাই। ২০২২ চনৰ ভিতৰত অসমৰ সকলোৱে পকী ঘৰ পালেনে বুলি আপে প্ৰশ্ন কৰে। একেদৰে অসমৰ কৃষকৰ আয় দুগুণ হ’লনে? মোডী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল অসমৰ সকলো কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব। কিন্তু অসমত এতিয়াও মাত্ৰ ৫.৪% কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে বুলি আঙুলিয়াই দিয়ে।

ইয়াৰ লগতে চৌধুৰীয়ে কয় যে যোৱা বিধানসভাত বিজেপি চৰকাৰে অসমৰ এশ শতাংশ কৃষিভূমিতে জলসিঞ্চন হ’ব নালাগে বুলি ভোট দি প্ৰস্তাৱ গ্ৰহণ কৰিলে। বাৰে বাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়া মোডী ডাঙৰীয়াক কোনেও এতিয়া বিশ্বাসত নলয়। প্ৰতিবছৰে ২ কোটি নিবনুৱাক চাকৰি দিব নোৱাৰিলে, ক’লাধন ওভটাই আনিব নোৱাৰিলে, প্ৰত্যেকৰ একাউন্টত ১৫ লাখ টকাকৈ দিব নোৱাৰিলে, ১০০ খন স্মাৰ্ট চিটী সাজিব নোৱাৰিলে, ভাৰতীয় টকাৰ মূল্য হ্ৰাস ৰোধ কৰিব নোৱাৰিলে।

প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সৰব আম আদমি পাৰ্টী
আমেঠীত ৰাহুল! ৰায়বৰেলীৰ পৰা নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰিয়ংকাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in