চেন্নাইলৈ কাম কৰিবলৈ গৈ মাজ পথতে হেৰাল তিতাবৰৰ যুৱক...

চেন্নাইলৈ কাম কৰিবলৈ গৈ মাজ পথতে হেৰাল তিতাবৰৰ যুৱক...

author-image
Asomiya Pratidin
New Update
চেন্নাইলৈ কাম কৰিবলৈ গৈ মাজ পথতে হেৰাল তিতাবৰৰ যুৱক...

চেন্নাইলৈ কাম কৰিবলৈ গৈ মাজ পথতে হেৰাল তিতাবৰৰ যুৱক...

ডিজিটেল সংবাদ তিতাবৰঃ পুনৰ বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈ সন্ধানহীন হৈছে অসমৰ এজন যুৱক। জানিব পৰা মতে বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ ৰে'লতে সন্ধানহীন হৈছে তিতাবৰৰ এজন যুৱক।

Advertisment

সন্ধানহীন হোৱা যুৱকজনৰ নাম পাপু চুতীয়া। উল্লেখ্য যে যোৱা দেওবাৰে চেন্নাইত কাম কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তিতাবৰৰ বেকাজানৰ ৩৪ বৰ্ষীয় যুৱক পাপু চুতীয়া।

কিন্তু বুধবাৰে চেন্নাইত উপস্থিত হোৱাৰ পূৰ্বেই সন্ধানহীন হৈ পৰে পাপু চুতীয়া। ইয়াৰ পাছতে পাপু চুতীয়াৰ পৰিয়াল, পাপুৰ বন্ধুবৰ্গই বিভিন্ন প্ৰকাৰে বিচাৰ-খোচাৰ কৰিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এমহীয়া এটি সন্তান থকা ৩৪ বছৰীয়া যুৱক পাপু চুতীয়া বহিঃৰাজ্যত গৈ এনেদৰে সন্ধানহীন হৈ পৰা ঘটনাই বৰ্তমান চিন্তিত কৰি তুলিছে পৰিয়ালক। পাপুৰ সন্ধান উলিৱাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সহায়ৰ আহ্বান পৰিয়ালৰ। সম্প্ৰতি ঘটনাটোৱে তিতাবৰৰ বেকাজানত সৃষ্টি কৰি তীব্ৰ চাঞ্চল্যৰ।

Also Read: নিৰ্বাচন আয়োগৰ ওচৰত ডিমা হাচাওৰ বাবে পৃথক সংসদীয় সমষ্টি আৰু এটা বিধানসভা সমষ্টিৰ দাবী...

তিতাবৰ চেন্নাই