নিৰ্বাচন আয়োগৰ ওচৰত ডিমা হাচাওৰ বাবে পৃথক সংসদীয় সমষ্টি আৰু এটা বিধানসভা সমষ্টিৰ দাবী...

নিৰ্বাচন আয়োগৰ ওচৰত ডিমা হাচাওৰ বাবে পৃথক সংসদীয় সমষ্টি আৰু এটা বিধানসভা সমষ্টিৰ দাবী...
নিৰ্বাচন আয়োগৰ ওচৰত ডিমা হাচাওৰ বাবে পৃথক সংসদীয় সমষ্টি আৰু এটা বিধানসভা সমষ্টিৰ দাবী...ELECTION COMMISSION OF INDIA

ডিজিটেল ডেস্কঃ  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ অহা নিৰ্বাচন আয়োগৰ দলটোৰ সন্মুখত অভিযোগ দাখিল কৰিলে ডিমা হাচাও জিলাৰ প্ৰতিনিধিয়ে। ১৯ জুলাইত ডিমা হাচাওৰ প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত যোগাত্মক সহাৰি লাভ কৰাৰ কথা প্ৰকাশ কৰিছে।

আয়োগৰ ওচৰত প্ৰতিনিধি দলটোৱে বিশেষভাৱে পাহাৰিয়া স্বায়ত্ব শাসিত জিলা ডিমা হাচাওৰ এটা বিধানসভা আৰু এটা পৃথক সংসদীয় সমষ্টি বৃদ্ধিৰ বাবে দাবী জনাইছে। তেওঁলোকৰ দাবী কম জনসংখ্যা থকা জিলাসমূহ প্ৰভাৱিত হ'ব নালাগে।কিয়নো ডিমা হাচাও জিলাই এতিয়ালৈকে জনসংখ্যা নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় নীতি বজাই ৰাখিছে।

ইয়াৰোপৰি প্ৰতিনিধি দলটোৱে পূৰ্বৱৰ্তী উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পাহাৰীয়া জিলাত সংবিধানৰ ষষ্ঠ অনুসূচী অধিকাৰক্ষেত্ৰৰ অধীনত স্বায়ত্বশাসিত পৰিষদ আছে। এই জিলাখনত আৰম্ভণিৰে পৰা এটা বিধানসভা সমষ্টি আছে যদিও কোনো পৃথক সংসদীয় সমষ্টি নাই।

সেয়ে এই পিছপৰা এলেকাৰ পৰা প্ৰতিনিধিত্ব কৰিব পৰাকৈ আৰু এটা বিধানসভা সমষ্টি আৰু এটা পৃথক সংসদীয় সমষ্টিও লাগে বুলি কয়। ভৌগোলিকভাৱে দুৰ্গম হোৱাৰ উপৰিও যিহেতু ডিমা হাচাও জিলাখন পাহাৰে সম্পূৰ্ণৰূপে আৱৰি আছে সেয়েহে যোগাযোগতো যথেষ্ট সময় ব্যয় হয় বাবেও এই দাবী কৰিছে প্ৰতিনিধি দলটোৱে।

ইয়াৰোপৰি দলটোৱে নিৰ্বাচন আয়োগৰ ওচৰত উল্লেখ কৰে যে, চুবুৰীয়া মেঘালয়, মিজোৰাম আৰু অন্যান্য চুবুৰীয়া ৰাজ্যত সীমিত জনসংখ্যাৰ বিধানসভা সমষ্টি তৈয়াৰ কৰা হৈছিল। চুবুৰীয়া মেঘালয়ৰ সৈতে অন্তৰ্ভুক্ত হোৱাৰ বিকল্প থকাৰ পাছতো ডিমা হাচাও অসমৰ সৈতে থাকি গ’ল বুলি উল্লেখ কৰি প্ৰতিনিধি দলটোৱে কয়, উত্তৰ পূৰ্বাঞ্চলৰ সেইসমূহ অঞ্চল য’ত আয়োগৰ সীমা নিৰ্ধাৰণৰ নিৰ্দেশনা প্ৰযোজ্য নহয়, সেই অঞ্চলসমূহ সামৰি এটা বিধানসভা সমষ্টি আৰু এটা পৃথক সংসদীয় সমষ্টি প্ৰদান কৰিব লাগে।

ডিমা হাচাওৰ এই প্ৰতিনিধি দলটোত আছিল ডিমা হাচাও সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটীৰ সভাপতি,  ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চি ই এম প্ৰকান্ত ৱাৰিছা, ফ্ৰেজাৰ চেংয়ুং, এল কুকি, চমৰজিত হাফলংবাৰ আদি।

নিৰ্বাচন আয়োগৰ ওচৰত ডিমা হাচাওৰ বাবে পৃথক সংসদীয় সমষ্টি আৰু এটা বিধানসভা সমষ্টিৰ দাবী...
তীব্ৰ বেগেই কালঃ বলেৰ'ৰ খুন্দাত মহিলাৰ মৃত্যুৰ বিপৰীতে ডাম্পাৰৰ খুন্দাত যুৱক আহত..

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in