নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক জেললৈ প্ৰেৰণ

নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক জেললৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক জেললৈ প্ৰেৰণ

ডিজিটেল সংবাদ,তিতাবৰ : বৰহোলাত এজনী ৮ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰি মংলবাৰে বৰহোলা আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰে অভিযুক্তগৰাকীৰ নাম জয় চুতীয়া বুলি জানিব পৰা গৈছে।

Advertisment

উল্লেখ্য যে, ঘৰৰ ওচৰৰে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল জয় চুতীয়াৰ বিৰুদ্ধে। ভুক্তভোগীৰ মাতৃয়ে বৰহোলা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩১/২৩ নম্বৰত গোচৰ ৰুজু কৰি আজি জয় চুতীয়াক আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে। সম্প্ৰতি ঘটনাটোৱে বৰহোলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Also Read: কঠীয়াতলীত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত অসন্তুষ্ট ৰাইজ

JORHAT POLICE crime Assam police