/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2bad674f-fa66-46e8-a50e-9da569639724/276.jpg)
ডিজিটেল সেৱা,কঠীয়াতলী : নগাঁও জিলাৰ কঠীয়াতলীত ৰাষ্ট্ৰীয় ঘাইপথ আৰু উৰণসেতু নিৰ্মাণৰ কামৰ লগতে পথৰ কাষত চলি থকা নিম্নমানৰ নলা নিৰ্মাণৰ কামত কঠীয়াতলী অঞ্চলৰ সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। কেতবোৰ অভিযোগ উত্থাপন কৰি একাংশই ক্ষোভ প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/929bf37c-5258-4f50-a259-09d1885fc2d2/cfeb95b6_ad6b_4699_a4f5_1d35bededccc.jpg)
জোখত কৈ মিহি ৰ'ড ব্যৱহাৰ, সঠিক মাত্ৰাত ঢালাই নকৰা,নলাৰ ওপৰত মাপতকৈ মিহি ঢালাই কৰাকে আদি কৰি ঘাইপথ প্ৰাধিকৰণৰ নিম্ন মানৰ কামত একাংশ ৰাইজে অসন্তুষ্টি ব্যক্ত কৰিছে। কঠীয়াতলীৰ মাজ মজিয়াত পথৰ কাষত নৱনিৰ্মিত নলা ভাঙি সোমাই যোৱাতো ক্ষুব্ধ হৈ পৰে ৰাইজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a7431aea-6d4a-4f91-8ba8-4dae747b37ba/5645b6b6_4bf7_4dc5_a5dc_f08e0996c94c.jpg)
ৰাইজে ঘাইপথ নিৰ্মাণৰ কামত নিয়োজিত ঠিকাদাৰক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে লগতে নক্সা অনুসৰি কাম কৰাৰ বাবে দাবী জনায়।
Also Read: ফৰকাটিং শাখা সাহিত্য সভাৰ উদ্যোগত অসমীয়া আখৰ-জোঁটনি কৰ্মশালা