গুৱাহাটী, ডিব্ৰুগড়ৰ পিছত পুনৰ যোৰহাটত গাঁতত পৰি এজনৰ মৃত্যু !

গুৱাহাটী, ডিব্ৰুগড়ৰ পিছত পুনৰ যোৰহাটত গাঁতত পৰি এজনৰ মৃত্যু !

ডিজিটেল ডেস্কঃ পথত থকা গাঁতত পৰি ৰাজ্যত পুনৰ এজনৰ মৃত্যু । যোৰহাটৰ অজন্তা বাইপাছৰ কাষত বৃহস্পতিবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে । পথচাৰীয়ে প্ৰত্যক্ষ কৰা লোকজন হৈছে প্রাঞ্জল প্রতিম বৰাৰ বুলি চিনাক্ত হৈছে । বৰাৰ মৃতদেহ উদ্ধাৰৰ সময়ত শৰীৰত তেজৰ দাগ দেখিবলৈ পোৱা গৈছে ।

দুৰ্বল পথত থকা গাঁতত পৰি দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে । আৰু এই দুৰ্ঘটনাৰ ফলতেই বৰাৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । ঘটনাস্থলীৰ কাষতে উদ্ধাৰ হৈছে এখন ক’লা ৰঙৰ স্কুটী ।

উল্লেখ্য যে কিছুদিন পূৰ্বেই ৰাজ্যৰ প্ৰধান দুখন চহৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত পথৰ থকা গাঁতৰ ফলতেই দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছিল । এই ঘটনাৰ পিছতেই পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো উপাযুক্তৰ সৈতে এখন ভিডিঅ' কনফাৰেঞ্চিংৰ জৰিয়তে দুজখন জিলাৰ উপাযুক্তকে জবাবদিহি কৰাইছিল । লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপাযুক্তসকলক পথত থকা গাঁতসমূহ দুদিনৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল । অন্যথা এছ পিক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ এনে কাঢ়া নিৰ্দেশৰ পিছতো পুনৰ আজিৰ দিনটোত যোৰহাটত এজন লোকৰ পথত থকা গাঁতত পৰি মৃত্যু মুখত পৰা বুলি সন্দেহ কৰিব লগা ঘটনা সঁচাকৈয়ে চৰম দুৰ্ভাগ্যজনক তথা লজ্জাজনক আখ্যা দিছে সচেতন ৰাইজে ।

গুৱাহাটী, ডিব্ৰুগড়ৰ পিছত পুনৰ যোৰহাটত গাঁতত পৰি এজনৰ মৃত্যু !
সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in