সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত ডিফুত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় । বৃহস্পতিবাৰে দলটোৰ বহুকেইগৰাকী নেতা কৰ্মীয়ে এই বিক্ষোভ কাৰ্যসূচীত ভাগ লয় ।

ৰাজ্য় চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটাত ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে । এই সিদ্ধান্তৰ বাতিলৰ দাবীত আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ উন্নতি কৰা আদিকে ধৰি বিভিন্ন দাবীৰে আজি প্ৰতিবাদস্থলী উত্তাল কৰি তুলে।

ঘন্টাত ১৫০ কিলোমিটাৰ গতিবেগৰে আহি আছে 'বিপৰ্যয়'!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in