বিশিষ্ট ক্ৰীড়া সংগঠক, ক্ৰীড়া পেঞ্চনাৰ অমল বৰুৱা বিয়োগঃ শোকস্তব্ধ যোৰহাটৰ ক্ৰীড়া সমাজ...

মুম্বাইত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে মৃত্যু বৰুৱাৰ
বিশিষ্ট ক্ৰীড়া সংগঠক, ক্ৰীড়া পেঞ্চনাৰ অমল বৰুৱা বিয়োগঃ শোকস্তব্ধ যোৰহাটৰ ক্ৰীড়া সমাজ...
বিশিষ্ট ক্ৰীড়া সংগঠক, ক্ৰীড়া পেঞ্চনাৰ অমল বৰুৱা বিয়োগঃ শোকস্তব্ধ যোৰহাটৰ ক্ৰীড়া সমাজ...

ডিজিটেল সংবাদ যোৰহাটঃ অমল বৰুৱা ক্ৰীড়া জগতত নামেই যাৰ পৰিচয়। অসমৰ এগৰাকী দক্ষ ক্ৰীড়া সংগঠক, অসম ভলীবল সন্থা প্রাক্তন সম্পাদক, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা যোৰহাটৰ মিলন নগৰৰ নিবাসী বিশিষ্ট ক্ৰীড়া সংগঠক অমল বৰুৱাৰ ৬৬ বছৰ বয়সত সোমবাৰে নিশা ২ বজাত মুম্বাইত চিকিৎসাধীন অৱস্থাতেই দেহাৱসান ঘটে।

১৯৫৮ চনৰ গোলাঘাট জিলাৰ মিছামৰা নামলগোৱা গাঁৱত পিতৃ প্রয়াত বিমল বৰুৱা, মাতৃ প্রয়াত অঞ্জনা বৰুৱাৰ ঔৰষত জন্ম গ্ৰহণ কৰা অমল বৰুৱাৰ মৃত্যুৰ বাতৰি পুৱা চৌদিশে বিস্তাৰ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা খেলৰ প্ৰতিযোগিতাসমূহ সাময়িকভাবে স্থগিত ৰখাৰ লগতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পতাকা তিনিদিনৰ বাবে অৰ্ধনমিত কৰি ৰাখিছে। অতি অমায়িক ব্যক্তিত্বৰগৰাকী অমল বৰুৱাই পিতৃৰ কৰ্মসূত্ৰে গোৱালপাৰাত ডাঙৰ-দীঘল হৈ তাতেই শিক্ষা আৰু খেলুৱৈ জীৱনৰ পাতনি মেলিছিল।

১৯৭২ চনত অমল বৰুৱাই গোৱালপাৰাত স্কুল দলৰ হৈ ফুটবল খেল আৰম্ভ কৰে। গোৱালপাৰাত বিভিন্ন ক্লাবৰ হৈ ফুটবল খেলাৰ লগতে ১৯৭৮ চনত গোৱালপাৰা ক্ৰীড়া সন্থাৰ ফুটবল ৰেফাৰী পৰীক্ষা দি উত্তীৰ্ণ হৈ ৰেফাৰীৰূপে জীৱন আৰম্ভ কৰা বৰুৱাই যোৰহাটলৈ অহাৰ পাছত প্ৰথম শ্ৰেণীৰ ৰেফাৰী পৰীক্ষাত অৱতীৰ্ণ হয় আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যিক প্ৰথম শ্ৰেণীৰ ৰেফাৰী হয়। বৰুৱাই পাছলৈ লাহে লাহে ভলীবলৰ লগতো জড়িত হৈ পৰিছিল।

১৯৮৭ চনত আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপৰ ছাব জুনিয়ৰ আৰু জুনিয়ৰ জিলা দলৰ মেনেজাৰ ৰূপে মনোনীত হৈ দুইটা দলকে চেম্পিয়ন কৰাবলৈ সক্ষম হোৱা বৰুৱাই ১৯৮৮ চনত জেইল ৰ'ড ক্লাবৰ হৈ নিজেও খেলে আৰু সেই একে বছৰতেই অমল বৰুৱা যোৰহাট জিলা ক্রীড়া সন্থাৰ হৈ অসম ফুটবল সন্থাৰ দ্বিতীয় শ্ৰেণীৰ ৰেফাৰীৰ পৰীক্ষাত উত্তীর্ণ হয়।

অসমৰ বিভিন্ন জিলাত খেল পৰিচালনা কৰাৰ উপৰিও মেঘালয়, অৰুণাচল, নগালেণ্ডৰ বিভিন্ন ঠাইতো খেল পৰিচালনা কৰে। ১৯৯১ চনত ৰয়েল ক্লাবৰ হৈ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সভাত প্রতিনিধিত্ব কৰে আৰু সহকাৰী ভলীবল সম্পাদকৰূপে যোৰহাট জিলা ক্রীড়া সন্থাত পাতনি মেলি ১৯৯৪ চনত জিলা ক্রীড়া সন্থাৰ ভলীবল শাখাৰ সম্পাদক হিচাপে স্বীকৃতি পায় আৰু ১৯৯৫ চনত ৰাষ্ট্ৰীয় ভলীবলত বৰুৱাই সহকাৰী প্রশিক্ষকৰূপে অসম দলক প্রতিনিধিত্ব কৰে।

অসম ভলীবল সন্থাত বৰুৱাৰ সহকাৰী সম্পাদক, যুটীয়া সম্পাদক আৰু সাধাৰণ সম্পাদকৰূপে কেইবাটাও কাৰ্যকাল চলোৱা বৰুৱাই ১৯৯৮ চনত জিলা ক্রীড়া সন্থাৰ যুটীয়া সম্পাদক, ১২ আগষ্ট ২০০১ চনৰ পৰা ২৩ আগষ্ট ২০০৩ চনলৈ পুনৰ ১৫ নৱেম্বৰ ২০০৯ চনৰ পৰা ২৭ আগষ্ট ২০১৭ চনলৈ যোৰহাট জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব পালন কৰে। উল্লেখযোগ্য যে, ২০০৭ চনত বৰুৱাৰ কাৰ্যকালত ৰাষ্ট্ৰীয় খেল আৰু ২০১৬ চনত ছাউথ এছিয়ান গেমছ অসমত সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ উপৰিও অসম ক্রিকেট সন্থাৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপৰিও টুর্ণামেন্ট কমিটিৰ সদস্যৰূপে কেইবাটাও কাৰ্যকাল নিয়াৰিকৈ পালন কৰা বৰুৱাই ২০১০-১১ চনত অসম ৰঞ্জী টি-২০ দলৰ মেনেজাৰ ৰূপে ভূৱনেশ্বৰলৈ দল লৈ গৈছিল।

এনেদৰে সুখ্যাতি অৰ্জন কৰা বৰুৱাক অসম চৰকাৰে ২০০০ চনত State Sports Council Member ৰূপে মনোনীত কৰে আৰু ২০১৫ চনত বৰুৱাক ক্রীড়া পেঞ্চনাৰ হিচাপে অসম চৰকাৰে মনোনীত কৰে। ২০২০ চনৰ ২৭ ছেপ্টেম্বৰত গোৱালপাৰাত অনুষ্ঠিত অসম ভলীবল সন্থাৰ কাৰ্যনিৰ্বাহক সভাই বৰুৱাক ৰেফাৰী ব'ৰ্ডৰ চেয়াৰমেন ৰূপে মনোনীত কৰে।

বৰ্তমান যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যানিবাহক সদস্য আৰু অসম ফুটবল ৰেফাৰী ব'ৰ্ডৰ সদস্য হৈ থকা বৰুৱাই বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও ওতঃপ্রোতঃ ভাবে জড়িত হৈ আছিল। তেওঁ বিয়োগত জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠন আৰু বিশিষ্ট নাগৰিকে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

ইফালে জিলা ক্ৰীড়া সন্থাই জনোৱা মতে মুম্বাইৰ পৰা গুৱাহাটীলৈ বিমানযোগে বৰুৱাৰ নশ্বৰদেহ অনা হৈছে। গুৱাহাটীৰ পৰা যোৰহাটত নিশা ১০ মান বজাত অমল বৰুৱা মৃতদেহ আহি পোৱাৰ সম্ভাৱনা আছে। জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে জানিবলৈ দিয়ে যে পুৱা ৯ বজাত জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অমল বৰুৱা মৃতদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব সেয়েহে জিলা ক্ৰীড়া সন্থাৰ সমূহ উপ-ক্ৰীড়া সন্থা, ক্লাব, দ'ল, সংগঠন, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠাৰ উপস্থিতি কামনা কৰিছে। মৃত্যুৰ সময়ত বৰুৱাই তেওঁ পত্নীসহ পুত্র, জী-জোঁৱাই লগতে আত্মীয়-কুটুম্ব আৰু বহু গুণমুগ্ধক এৰি থৈ গৈছে।

বিশিষ্ট ক্ৰীড়া সংগঠক, ক্ৰীড়া পেঞ্চনাৰ অমল বৰুৱা বিয়োগঃ শোকস্তব্ধ যোৰহাটৰ ক্ৰীড়া সমাজ...
১৭ এপ্ৰিলত অসমলৈ আহিব ৰাহুল গান্ধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in