১৭ এপ্ৰিলত অসমলৈ আহিব ৰাহুল গান্ধী...

যোৰহাট, ডিব্ৰুগড়ত চলাব নিৰ্বাচনী প্ৰচাৰ
১৭ এপ্ৰিলত অসমলৈ আহিব ৰাহুল গান্ধী...
১৭ এপ্ৰিলত অসমলৈ আহিব ৰাহুল গান্ধী...

ডিজিটেল ডেস্কঃ নিখিল ভাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব অহা ১৭ এপ্ৰিলত। যোৰহাট আৰু ডিব্ৰুগড়ত দুখন জনসভাত কংগ্ৰেছৰ নেতাজনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব।

যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত পুৱা ১১ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়াৰ লগতে বিৰোধী ঐক্য মঞ্চৰ আন এগৰাকী প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ গান্ধীয়ে ডিব্ৰুগড়ত দিনৰ ১ বজাত প্ৰচাৰ চলাব।

একেদৰে কংগ্ৰেছৰ মহাসচিব জয়ৰাম ৰমেশে দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে অসমত উপস্থিত হ’ব। ১০ এপ্ৰিলত বিয়লি ৪.৩০ বজাত যোৰহাটত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এখন সংবাদমেল সম্বোধন কৰিব। আনহাতে ১১ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাৱত আবেলি ৩.৩০ বজাত কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদমেল সম্বোধন কৰিব।

১৭ এপ্ৰিলত অসমলৈ আহিব ৰাহুল গান্ধী...
অৰুণাচলৰ ভূমিৰ পৰা চীনক কঠোৰ সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in