যোৰহাটৰ সেনা চাউনীত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ তদন্ত কৰিবলৈ আহিব NIA...

যোৰহাটৰ সেনা চাউনীত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ তদন্ত কৰিবলৈ আহিব NIA...
যোৰহাটৰ সেনা চাউনীত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ তদন্ত কৰিবলৈ আহিব NIA...

ডিজিটেল ডেস্কঃ যোৰহাটত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰিবলৈ আজি অসমলৈ আহিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটা দল। জানিব পৰা মতে এই বিস্ফোৰণ ঘটনাৰ তদন্ত কৰিব নিয়া তথা সেনাৰ এটা শক্তিশালী তদন্তকাৰী দলে।

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট জিলাত সংঘটিত হৈছিল বিস্ফোৰণৰ লগতে আৰু শূন্যলৈ গুলীচালনা কৰাৰ ঘটনা। সন্ধিয়া প্ৰায় ৭.৩০ বজাত যোৰহাটৰ সেনাৰ ৪১ ছাব এৰিয়াৰ ন-আলিৰ কাষত থকা প্ৰৱেশ পথত এক গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে টীয়কৰ কাকজানৰ বামকুকুৰাচোৱাত সংঘটিত হৈছিল শূন্যলৈ গুলীচালনা কৰাৰ ঘটনা।

এই ঘটনাৰ সৈতে কোনো ব্যক্তিক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই যদিও আলফা (স্বাধীন)ৰ সেনাধক্ষ পৰেশ বৰুৱাই এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। সমান্তৰালকৈ যোৰহাটৰ টীয়কৰ অৰিন্দম বৰা নামৰ এজন কুৰী বছৰীয়া যুৱককো আটক কৰিছে যোৰহাট আৰক্ষীয়ে।

পূৰ্বে আলফাত যোগদান কৰিবলৈ গৈ নাগালেণ্ডত গ্ৰেপ্তাৰ হোৱা অৰিন্দমে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত আগবঢ়াইছিল বিতৰ্কিত মন্তব্য।

যোৰহাটৰ সেনা চাউনীত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ তদন্ত কৰিবলৈ আহিব NIA...
ঢেকীয়াজুলিৰ শিশুক প্ৰহাৰৰ ঘটনাঃ DGPৰ নিৰ্দেশত গ্ৰেপ্তাৰ দুলাল শৰ্মা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in