ঢেকীয়াজুলিৰ শিশুক প্ৰহাৰৰ ঘটনাঃ DGPৰ নিৰ্দেশত গ্ৰেপ্তাৰ দুলাল শৰ্মা...

ঢেকীয়াজুলিৰ শিশুক প্ৰহাৰৰ ঘটনাঃ DGPৰ নিৰ্দেশত গ্ৰেপ্তাৰ দুলাল শৰ্মা...

author-image
Asomiya Pratidin
New Update
ঢেকীয়াজুলিৰ শিশুক প্ৰহাৰৰ ঘটনাঃ DGPৰ নিৰ্দেশত গ্ৰেপ্তাৰ দুলাল শৰ্মা...

ঢেকীয়াজুলিৰ শিশুক প্ৰহাৰৰ ঘটনাঃ DGPৰ নিৰ্দেশত গ্ৰেপ্তাৰ দুলাল শৰ্মা...

ডিজিটেল ডেস্কঃ ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত সংঘটিত হোৱা শিশুৰ ওপৰত আক্ৰমণ হোৱা ঘটনাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ তাৎক্ষণিক পদক্ষেপ। গ্ৰেপ্তাৰ কৰা হৈছে যানবাহন আৰক্ষীৰ সন্মুখতে শিশুক আক্ৰমণ কৰা দুলাল শৰ্মাক।

Advertisment

উল্লেখ্য যে, শুকুৰবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈছিল এক ভিডিঅ'। য'ত দেখা গৈছিল কনমাণি শিশুক যানবাহন আৰক্ষীৰ সন্মুখতে মাৰপিট কৰিছিল দুলাল শৰ্মা নামৰ ক্ষুদ্ৰ ব্যৱসায়ী জনে। তেওঁৰ অভিযোগ আছিল শিশু দুটাই তেওঁৰ মোবাইল ফোনটো চোৰ কৰিছিল।

এই অভিযোগতে তেওঁ চহৰৰ মাজমজিয়াত ট্ৰেফিক আৰক্ষীৰ সন্মুখতে শিশুক প্ৰহাৰ কৰাৰ লগতে গুপ্তাংগতো গুৰিয়াইছিল। এই সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে গটনাৰে জড়িতক গ্ৰেপ্তাৰ কৰাৰ লগতে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰিয়েই ঢেকীয়াজুলি আৰক্ষীয়ে অভিযুক্ত ক্ষুদ্ৰ ব্যৱসায়ী দুলাল শৰ্মাক গ্ৰেপ্তাৰ কৰিছে।

Also Read: কলিয়াবৰত চলন্ত অৱস্থাতে জ্বলিল ট্ৰাক...

ঢেকীয়াজুলি