তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

অবৈধ মাতৃত্বৰ বোজা আঁতৰাবলৈ এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰত সংঘটিত হৈছে মানৱতা ভূ-লুণ্ঠিত হোৱা এক ঘটনা। তিতাবৰৰ টাইৰুণ চাহ বাগিচাত আজি এটি নৱজাতক উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে তিতাবৰৰ টাইৰুণ চাহ বাগিচা চিকিৎসালয়ৰ পিছফালে থকা হাবিতলীয়া এদখৰ ঠাইত উদ্ধাৰ হয় এটি নৱজাতক। স্থানীয় এগৰাকী মহিলাই উক্ত ঠাইত কান্দোন শুনা পাই বিচাৰোঁতে নৱজাতকটি উদ্ধাৰ কৰে আৰু চিকিৎসাললৈ লৈ আহে।

অবৈধ মাতৃত্বৰ বোজা আঁতৰাবলৈকে ল'ৰা নৱজাতকটিক এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইতিমধ্যে স্থানীয় লোক আৰু বান্দৰচলিয়া আৰক্ষীৰ তৎপৰতাত নৱজাতকটিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি সভ্য সমাজক লজ্জানত কৰা ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...
২৯ এপ্ৰিলত অমিত শ্বাহৰ গুৱাহাটীত ৰোড শ্ব': কেইবাটাও নিষেধাজ্ঞা জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in