২৯ এপ্ৰিলত অমিত শ্বাহৰ গুৱাহাটীত ৰোড শ্ব': কেইবাটাও নিষেধাজ্ঞা জাৰি...

জালুকবাৰী- মালিগাঁও-চাইকেল ফেক্টৰী তিনি আলি- লাল গনেশলৈ বিভিন্ন নিষেধাজ্ঞা

author-image
Asomiya Pratidin
New Update
২৯ এপ্ৰিলত অমিত শ্বাহৰ গুৱাহাটীত ৰোড শ্ব': কেইবাটাও নিষেধাজ্ঞা জাৰি...

২৯ এপ্ৰিলত অমিত শ্বাহৰ গুৱাহাটীত ৰোড শ্ব': কেইবাটাও নিষেধাজ্ঞা জাৰি...

ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Advertisment

এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ প্ৰায় ২ কিলোমিটাৰ পথত ৰোড শ্ব' কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ পূৰ্বে গুৱাহাটী মহানগৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে কেতবোৰ পথত ন ড্ৰোণ জ'ন, ন' ফায়াৰ ক্ৰেকাৰছ জ'ন আৰু ন' ফ্লাই জ'ন হিচাপে ঘোষণা কৰিছে।

সেই অনুসৰি মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী- মালিগাঁও-চাইকেল ফেক্টৰী তিনি আলি- লাল গনেশলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব।

Also Read: দেওবাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱঃ অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতা...

অমিত শ্বাহ লোকসভা নিৰ্বাচন