/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2d04978c-e526-4195-b4b2-df0f462c77b2/z13.jpg)
ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিত শুভ উন্মোচন কৰা হয় এটি চাহ জনগোষ্ঠীয় আধুনিক গীত 'অ পিয়া' অ পিয়া' ৰ। ৰাজিৱ কৰ্মকাৰৰ কথা, সুৰ আৰু মনদীপ মাজুলীৰ সংগীত পৰিচালনাত গীতটিত কণ্ঠদান কৰিছে উঠি অহা নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী সাগৰিকা ডেকাই।
মৰিয়নি কিংশুক চ'ৰাত অনুষ্ঠিত গীতটিৰ শুভ উন্মোচনী অনুষ্ঠানটিত সংগীত শিল্পী তৰুন শইকীয়া, সমাজকৰ্মী ৰঞ্জিত গোঁহাইবৰুৱা, মহ: নেকিবুল ইছলাম, চুৰেন চেতিয়া, মইনুল ইছলাম, মুকিব জামাল, ভানু মজুমদাৰ, দিলিপ চাহু, মুন নায়ক, দ্বীপেন দাস, প্ৰশান্ত দাস, মৰিয়নি প্ৰেছ ক্লাৱৰ সম্পাদক দিব্যজ্যোতি শইকীয়া, ই- মেডিয়া অচচিয়েচনৰ সম্পাদক প্ৰাঞ্জল পাওঁগামৰ লগতে কেইবাজনো জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।
অনুষ্ঠানটোত বহুকেইজন মৰিয়নিৰ বিশিষ্ট ব্যক্তিৰ লগতে মৰিয়নি কিংশুক চ'ৰাৰ মহিলা গোটো উপস্থিত থাকে। মৰিয়নি প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সাগৰিকা ডেকা, ৰাজীৱ কৰ্মকাৰ আৰু মনদীপ মাজুলীক সম্বৰ্ধনা জনোৱাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে।
Also Read: চিকিৎসাৰ অভাৱত শিলঘাটত গঁড়ৰ মৃত্যু!