ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ ২০২৪

দেশৰ ১৭ খন ৰাজ্যৰ ৬ শতাধিক কেডেটৰ অংশগ্ৰহণেৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত শুকুৰবাৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিশেষ ৰাষ্ট্ৰীয় সংহতি শিবিৰ (এছএনআইচি) আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ ২০২৪

ডিজিটেল সংবাদ, যোৰহাটঃ দেশৰ ১৭ খন ৰাজ্যৰ ৬ শতাধিক কেডেটৰ অংশগ্ৰহণেৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত শুকুৰবাৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিশেষ ৰাষ্ট্ৰীয় সংহতি শিবিৰ (এছএনআইচি) আৰম্ভ হৈছে। সমগ্ৰ ভাৰতৰ ১৭ টা এন চি চি সঞ্চালকালয়ৰ পৰা মুঠ ৬০০ এন চি চি কেডেটে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰচাৰৰ বাবে এই শিবিৰত অংশগ্ৰহণ কৰে।

Advertisment

এই উপলক্ষে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই এই শিবিৰৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ দিশত কেডেটসকল বিশেষভাৱে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে।

বিশেষকৈ সাংস্কৃতিক সমন্বয় আৰু ভাতৃত্ববোধৰ জৰিয়তে সমন্বয় সাধনৰ দিশতো এই শিবিৰ সহায়ক হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ব্ৰিগেডিয়াৰ উপস্থিতিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, কৃষি বিজ্ঞানগুৰু ড: প্ৰসন্ন কুমাৰ পাঠক আৰু সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদ উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে।

অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ পৰা অহা কেডেটসকলে নিজ নিজ ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও অসমৰ কেডেট সকলে বিহুৰ লগতে বিভিন্ন জনজাতীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

Also Read: চৰাইদেউ চলাপথাৰ শ্যাম গাঁৱত "পয় লেং" উৎসৱ

National Students Force jorhat assam agriculre university National Solidarity Camp