ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ ডায়েট যোৰহাটত ৰক্তদান কাৰ্যসূচী

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ ডায়েট যোৰহাটত ৰক্তদান কাৰ্যসূচী

ডিজিটেল সংবাদ, বেকাজানঃ ৰাষ্ট্ৰীয় সেৱা আঁচনি(এন এচ এচ) জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(ডায়েট)যোৰহাটৰ উদ্যোগত আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সহযোগত ডায়েট যোৰহাটত শুকুৰবাৰে এক ৰক্তদান কাৰ্যসূচী আয়োজন কৰা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ডা° এচ নেওগ আৰু ডা° তাচিবা দত্তৰ নেতৃত্বত অহা ব্লাড বেংকৰ এটি দহ জনীয়া দলে মুঠ ৪১ গৰাকী স্বেচ্ছাসেৱকক পৰীক্ষা -নিৰীক্ষা কৰাৰ অন্তত ২১গৰাকীৰ পৰা এক ইউনিটকৈ ৰক্ত সংগ্ৰহ কৰে।

কাৰ্যসূচীৰ প্ৰাৰম্ভতে চিকিৎসক ডা° এচ নেওগে ৰক্তদানৰ লাভালাভৰ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰাৰ লগতে ৰক্তদানে কিদৰে মৃত্যুমুখী এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে তাৰ এটি অৱলোকন দাঙি ধৰে। প্ৰতিষ্ঠানৰ অধ্যক্ষ অনন্ত গগৈয়ে উদ্বোধনী বক্তব্য দিয়া আৰু প্ৰতিষ্ঠানৰ ডেৰশতাধিক প্ৰশিক্ষাৰ্থী আৰু প্ৰৱক্তা মণ্ডলীয়ে সহযোগ কৰা কাৰ্যসূচীৰ আঁত ধৰে ডায়েট যোৰহাটৰ এন এচ এচ সমন্বয়ক সুমিত কুমাৰ থাপাই।

ৰক্তদাতাসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। ৰক্তদাতাসকল ক্ৰমে ঋতুপৱন শইকীয়া, অবিনাশ শইকীয়া, ,সুৰুয জ্যোতি বৰা, দেৱাশীষ নেওগ ৰোহিত দাস , ডেনিছ মাৰায়া, হেমদীপ থাপা ,দেৱাংগ পৰশ গগৈ ,পৰাগ শইকীয়া, উৰ্বশী চেতিয়া ,সত্যপ্ৰতীম বৰা , টিংকু পায়েং, গীতামণি দত্ত ,ৰাজশ্ৰী কটকী , ৰণ্টুৰঞ্জন কোঁৱৰ ,অম্লানদীপ শইকীয়া, মনজিৎ চেতিয়া ,ভাস্কৰজ্যোতি বৰা , ৰাজপল বৰুৱা প্ৰাণজিৎ বৰা আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া সুমিত কুমাৰ থাপা।

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ ডায়েট যোৰহাটত ৰক্তদান কাৰ্যসূচী
আৰক্ষী অধীক্ষক মুনিন্দ্ৰ দেউৰীক বিদায় সম্বৰ্ধনা লখিমপুৰ আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in