ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি

পাহাৰৰ নামনিত প্ৰকৃতিৰ বিনন্দীয়া শীতৰ হাড় কঁপোৱা মায়াময় পৰিৱেশত তথা পাহাৰৰ বুকুত ঢাপ কাটি নৰাখেৰৰ বুৰুলিৰে তৈয়াৰ কৰা মুকলি মঞ্চত নাটক চাবলৈ হিলদল ভাঙি আহিছে পাহাৰ-ভৈয়ামৰ সহস্ৰাধিক লোক।
 ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি

ডিজিটেল সংবাদ, বেকাজানঃ সীমাকেন্দ্ৰিক সংঘাতৰ বিপৰীতে নগা আৰু অসমীয়াৰ মাজত তাহানিৰ সেই সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধক সদৃঢ় কৰাৰ মহৎ উদ্দেশ্যৰে অসম-নগালেণ্ড সীমান্তবর্তী ভবানীপুৰ কাছজানৰ ফুটহিলছত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ অৰ্থাৎ ফুটহিলছ নেচনেল ড্ৰামা ফেষ্টিভেলৰ দেওবাৰে সফল সামৰণি পৰে ।

পাহাৰৰ নামনিত প্ৰকৃতিৰ বিনন্দীয়া শীতৰ হাড় কঁপোৱা মায়াময় পৰিৱেশত তথা পাহাৰৰ বুকুত ঢাপ কাটি নৰাখেৰৰ বুৰুলিৰে তৈয়াৰ কৰা মুকলি মঞ্চত নাটক চাবলৈ হিলদল ভাঙি আহিছে পাহাৰ-ভৈয়ামৰ সহস্ৰাধিক লোক। চুবুৰীয়া নগা আৰু সীমান্তৰ অসমীয়া ৰাইজৰ উপস্থিতিত দেওবাৰে তৃতীয় দিনা পাদদেশীয় নাট মহোৎসৱৰ মঞ্চ উদ্বোধন কৰে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সাহিত্য-সংস্কৃতি বিভাগৰ সম্পাদক ৰক্তিম শইকীয়াই।

তৃতীয় দিনাৰ প্ৰথমখন নাট মঞ্চস্থ কৰে শংকৰদেৱ সংগীত মহাবিদ্যালয়ে নাট্যকাৰ পংখী পাৰিজাতৰ ৰচিত 'দ্য ৰুটছ টু প্ৰটেক্ট নাটকখন । নাটকখন উদ্বোধন কৰে যোৰহাট ডিচিবি কলেজৰ অধ্যাপিকা ডৰথী জি মমিনে , জালুকনিবাৰী নাট্যৰংগই মঞ্চস্থ কৰা দ্বিতীয়খন নাটক, ৰেল গাড়ী আহিছে উদ্বোধন কৰে চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ অঞ্জন শইকীয়াই। আনহাতে শেষৰখন নাটক পৰমানন্দ ৰাজবংশী ৰচিত কমলা কুঁৱৰীৰ সাধু উদ্বোধন কৰে খিলঞ্জীয়া ঐক্য মঞ্চ অসম তথা প্ৰাক্তন আলফাৰ সম্পাদক অনুপ চেতিয়াই । এই নাট মহোৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট চিন্তাবিদ ড০ দেবব্ৰত শৰ্মা আৰু নাগালেণ্ড ইণ্ডিজেনা ফৰামৰ উপদেষ্টা খেটহো শ্বুৱে ।

উল্লেখযোগ্য যে ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সম্প্রীতি আৰু সমন্বয় সুদৃঢ় কৰাৰ লক্ষ্যৰে ২০২১ চনত জন্ম লাভ কৰা পাদদেশীয় সমন্বয় মঞ্চ'ই দ্বিতীয় বাৰৰ বাবে এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ অনুষ্ঠিত কৰিছে। বিশেষকৈ অসম আৰু নগালেণ্ড দুয়োখন ৰাজ্যৰ মাজত ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা বর্তি থকা সাতামপুৰুষীয়া সমন্বয় সম্প্রীতি আৰু ভ্রাতৃত্ববোধক অধিক সুদৃঢ়কৰণ আৰু দুয়োখন বাজ্যৰে সীমান্তবর্তী অনগ্ৰসৰ অঞ্চলসমূহৰ আৰ্থ সাংস্কৃতিক উত্তৰণৰ লক্ষ্যৰে পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত এই নাট মহোৎসৱৰ মূল দ্বাৰ উন্মোচন কৰে বিশিষ্ট আবৃত্তিকাৰ যোগানন্দ বৰাই।

নগালেণ্ডৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া ভি ভিক'হোেৰ নেতৃত্বত নগালেণ্ডৰ পৰা নগালোকৰ দলটোক নাট মহোৎসৱলৈ আদৰি আনে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা পাদদেশীয় সমন্বয় মঞ্চৰ অন্যতম উপদেষ্টা ড° দেৱব্ৰত শৰ্মাই। ইয়াৰ পিছতেই পতাকা উত্তোলন কৰে পাদদেশীয় সমন্বয় মঞ্চৰ সভাপতি বিনয় শইকীয়াই। ছহিদ তর্পণ কৰে ৰঞ্জিত গোহাঁই বৰুৱা আৰু জীৱন চন্দ্র দত্তই।

আনহাতে, অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা অসমৰ বাণিজ্য মেলাৰ ফিতা কাটি দ্বাৰ উন্মোচন কৰে পূৰ্ণানন্দ গগৈয়ে । নগালেণ্ডৰ বাণিজ্য মেলা উদ্বোধন কৰে অনিল বৰাই। ইয়াৰ পিছতেই ডাঃ টালিমেৰেন আওৰ স্মৃতিত উছৰ্গা কৰা নাট্য মঞ্চ মুকলি কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রতাপ কছাৰীয়ে। বন্তি প্রজ্বলন কৰে ভি ভিক 'শ্বোৱে। দ্বিতীয় বাৰ্ষিক পাদদেশীয় নাট মহোৎসৱৰ আদৰণী ভাষণ আগবঢ়ায় প্রাক্তন শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে ।

বিশিষ্ট আবৃত্তিকাৰ যোগানন্দ বৰাই কৰা কবিতা আবৃত্তিয়ে সকলোকে মুগ্ধ কৰে। ইয়াৰ পিছত যোৰহাট জাতীয় বিদ্যালয়ে সুধাকণ্ঠৰ গীতৰ আধাৰত এক সুন্দৰ • গীতি আলেখ্য পৰিৱেশন কৰে। প্ৰথমদিনা যোৰহাটৰ ৰাগিণী ক্রিয়েশ্যনে বিনয় শইকীয়াৰ ৰচনা আৰু মনীষা ৰাগিণীৰ পৰিচালনাৰে আইধন' নাটক মঞ্চস্থ কৰা হয় । নাটখন উদ্বোধন কৰে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত শর্মাই।

আনহাতে, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে হিমাংশু প্রসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে গুৱাহাটীৰ কা'ৰ পৰিৱেশন কৰে 'দ্য গ্রেট ইনভেষ্টিগেশ্যনছ' নামৰ নাটখন উদ্বোধন কৰে। ইয়াৰ পূৰ্বে নাট্যকাৰ পৰিচালক হিমাংশু প্রসাদ দাসে তেওঁৰ জনপ্রিয় 'এই ছোৱালী' কবিতাটো আবৃত্তি কৰি ৰাইজক আপ্লুত কৰে।

এই নাটমহোৎসৱৰ লগত সংগতি ৰাখি কৃতী শিক্ষক মনোজ কুমাৰ শৰ্মা আৰু নগেন গগৈয়ে সম্পাদনা কৰা স্মৃতিগ্রন্থ 'সংলাপ' উন্মোচন কৰে আনন্দ শইকীয়াই। দ্বিতীয় দিনা মঞ্চস্থ হয় তিনিখনকৈ নাটক। বান্দৰ চলিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মান সিং টেৰনে মঞ্চ উদ্বোধন কৰা পিছত সাংস্কৃতিক কর্মী পৰশমণি ভৰালীয়ে দেৱব্ৰত মহন্তৰ ৰচনা আৰু মৃদুল বুঢ়াগোহাঁইৰ পৰিচালনাত জালুকনিবাৰীৰ নাট্যৰংগই পৰিৱেশন কৰা 'বেৰ' নামৰ প্ৰথমখন নাটক মঞ্চস্থ কৰা হয়।

দ্বিতীয়খন নাট ড° জিন্টু হাজৰিকাৰ ৰচনা আৰু পঞ্চানন দুৱৰা আৰু সত্যজিত গগৈৰ পৰিচালনাৰে নকছাৰিৰ গিবন কুশীলৱ নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা 'যুঁজাৰু- দ্য ফাইটাৰ' উদ্বোধন কৰে মৰিয়নিৰ ধৰ্মেন্দ্ৰ চেতিয়াই। আনহাতে, মঞ্চস্থ হোৱা তৃতীয়খন নাটক হ'ল ভি উট' ছিছিৰ ৰচনা আৰু পৰিচালনাৰে নগালেণ্ড ডিমাপুৰৰ জৌ- থিয়েটাৰৰ 'আৱাৰ হ'ম- মাই হেলথ্'। নাটখনউদ্বোধন কৰে সমাজসেৱক শ্রীমন্ত দত্তই ।

আনহাতে বিয়লি অসম-নাগালেণ্ডৰ শিল্পীসকলৰ বাৰেৰহনীয়া জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানেৰে তিনিদিনীয়া পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি পৰে। পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত কেউটা দিনত প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজে নাটক উপভোগ কৰি আপ্লুত হয়।

 ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি
তামাৰহাটত আৰক্ষীৰ চোৰাং গৰু বিৰোধী অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in