/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7a406628-c746-40a3-9158-931efa5bd11e/1.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু বিৰোধী অভিযান । দেওবাৰে নিশা তামাৰহাটত আৰক্ষীয়ে চোৰাং গৰু বিৰোধী অভিযান চলায়। অভিযানত তামাৰহাটৰ ফাইলাগুৰীত ট্ৰাক সহ ২২ টা গৰু জব্দ কৰে আৰক্ষীয়ে । AS 16 AC 4834 নম্বৰৰ ট্ৰাকৰ ভিতৰত সৰবৰাহকাৰীয়ে বোজাই কৰি আনিছিল ২২টা গৰু ।
অভিযানৰ উমান পাই সৰবৰাহকাৰী দলটোয়ে আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰা অৱস্থাতে আৰক্ষীয়ে খেদি খেদি আটক কৰে ট্ৰাকখন । পশ্চিমবংগৰ পৰা সীমান্ত পথে দি ধুবুৰী অভিমুখে নিয়াৰ পথত গ্ৰাহামপূৰ আৰক্ষীয়ে আটক কৰে। পিছত গৰু সহ ট্ৰাকখন উদ্ধাৰ কৰি গ্ৰাহামপুৰ আৰক্ষী চকীলৈ নিয়ে ।
Also Read: কাছাৰৰ বৰখলাত ভূমিকেন্দ্রিক সংঘাত