/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dc2b5243-36d8-4cba-9851-754b4a72c8bc/55.jpg)
ডিজিটেল সংবাদ,বেকাজানঃ যোৰহাট জিলাৰ জিলা আয়ুক্ত পুলক মহন্তই বুধবাৰে তিতাবৰস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) যোৰহাট পৰিদৰ্শন কৰে। প্ৰতিষ্ঠানখনত ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা 'মডেল ক্লাষ্টাৰ ডেভেলপমেণ্ট'ৰ প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধনৰ লগতে বি এড প্ৰথম ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰস্তুত কৰা শৈক্ষিক সমল পুথি 'পাশ্বীয় চিন্তা'ৰ উন্মোচন কৰে।
তদুপৰি জিলা আয়ুক্তগৰাকীয়ে প্ৰতিষ্ঠানৰ চৌহদত সুদৃশ্য দেৱাল অংকিত 'জ্যোতি স্মৃতি উদ্যান'খনো উন্মোচন কৰাৰ লগতে উদ্যানখনত এটি মধুৰী আমৰ ফলৰ পুলিও ৰোপণ কৰে। প্ৰশিক্ষাৰ্থী উত্তৰণ মধুকূল্যৰ বাঁহীবাদন আৰু প্ৰিয়াংসু শইকীয়াৰ জ্যোতি সংগীতৰ মৃদু মধুৰ সংগীতময় পৰিৱেশত জিলা আয়ুক্ত গৰাকীৰ সৈতে উপস্থিত থাকে তিতাবৰ উপ-জিলাৰ সহকাৰী জিলা আয়ুক্ত দীপময় ঠাকুৰীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/df9bd657-117a-4bdb-b751-acff75eafe3c/d92ea379_b43d_463b_910f_fafb7f04330d.jpg)
আজিৰ 'মডেল ক্লাষ্টাৰ ডেভেলপমেণ্ট' ৰ প্ৰশিক্ষণত কাৰ্যসূচীত অতিথি হিচাপে থাকে তিতাবৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৱিত্ৰ তামূলী, চেণ্ট্ৰেল যোৰহাট শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া উৎপল বৰুৱা আৰু যোৰহাট শিক্ষাখণ্ডৰ সহকাৰী পৰিদৰ্শিকা সুৰভী খনিকৰ। ডায়েট যোৰহাটৰ অধ্যক্ষ অনন্ত গগৈয়ে আদৰণি বক্তব্য আগবঢ়োৱা প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰে জ্যেষ্ঠ প্ৰৱক্তা দত্ত ডেকাই।
প্ৰৱক্তা নেত্ৰ গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ঘোষা 'বস্তু প্ৰকাশ' পৰিৱেশন কৰে প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী প্ৰিয়াংসু শইকীয়া, বিকাশ শইকীয়া, উত্তৰণ মধুকূল্য, কৰবী শইকীয়া আৰু স্বপ্না মহন্তই। আদৰণিৰ সময়ত গায়ন-বায়ন পৰিৱেশন কৰে প্ৰশিক্ষাৰ্থী পুলক বৰা, সৰুজ জ্যোতি বৰা, জিতু হাজৰিকা, বিকাশ শইকীয়া, ডম্বৰুধৰ মুদৈ, নৱজ্যোতি ভড়ালী আৰু মৃণাল শইকীয়াই । জিলা আয়ুক্ত পুলক মহন্তই চৰকাৰী কাৰ্যসূচী সমূহৰ বিশদ বিৱৰণ আৰু উদ্দেশ্য সামৰি এটি সাৰুৱা ভাষণ আগবঢ়োৱাৰ লগতে ডায়েট যোৰহাটৰ ধাৰাবাহিক কাৰ্য সমূহক প্ৰশংসা কৰি প্ৰতিষ্ঠানখন অনতি বিলম্বে আধুনিক সা-সুবিধাৰে সুসজ্জিত কৰি তুলিব বুলি আশ্বাস প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4fce2073-c9a5-42e2-bfc0-cc4eb922886f/01e90d4a_afd9_49eb_917c_a912fe4b86eb.jpg)
জিলা আয়ুক্তগৰাকীৰ সৈতে হোৱা অন্তৰঙ্গ আলাপত উপস্থিত অন্যান্য সকল হ'ল জ্যেষ্ঠ প্ৰৱক্তা ৰীতা চলিহা, ড° বিষ্ণুপ্ৰিয়া শইকীয়া, প্ৰৱক্তা কল্পনা হাজৰিকা গগৈ, নিপু চাহু, বিকাশ পেগু, ধ্ৰুৱজোতি বৰা, পুষ্পাঞ্জলী পেগু, পূৰবী বৰা, পোনা দাস, ৰিজুমনি পায়েং, মৌচুমী বৰুৱা, সুমিত কুমাৰ থাপা, অধীক্ষিকা বৰ্ণালী বৰুৱা, কৰ্মশিক্ষাৰ শিক্ষক শৈলেন্দ্ৰ বৰ্মন, কাৰ্যালয় সহায়ক- সহায়িকা প্ৰদীপ দাস, ত্ৰিদিপ দাস, মেহবুব আলি, পংকজ বৰা, জুলী গগৈ, মনামী খনিকৰ, অনামিকা শইকীয়া, জাহ্নবী বৰা, কাপুল শইকীয়া, প্ৰভাত বৰা, প্ৰদীপ বৰা, ৰঞ্জিত শইকীয়া, দীপা বৰা আৰু ঋতুৰাজ বৰুৱা।
Also Read: বাইহাটা চাৰিআলিত গৰুভৰ্তি কন্টেইনাৰ ট্ৰাক জব্দ : চালকক আটক