/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d0999790-9e2b-454b-b5da-6bc6c862eee3/54.jpg)
ডিজিটেল সংবাদ,দুমুনিচকী : গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মংলবাৰে নিশা বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি কন্টেইনাৰ ট্ৰাক এখন জব্দ কৰিবলৈ সক্ষম হয়। থানাৰ সমীপতে গৰুভৰ্তি কন্টেইনাৰ ট্ৰাক জব্দ কৰা ঘটনা পোহৰলৈ অহাৰ পিছতে অবৈধভাৱে গো-সৰবৰাহ কৰা চক্ৰই ১৫ নং আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গো সৰবৰাহৰ ক্ষেত্ৰত সেউজ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি অহা বিষয়টো এতিয়া স্পষ্ট হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cbdede0a-dccf-444a-8c49-5f5d5859c1fa/895bcbf3_13a2_4968_822b_381f5b7b8539.jpg)
জানিব পৰামতে নিশা বাইহাটা চাৰিআলি আৰক্ষীয়ে নুমলীগড়ৰ পৰা অহা ডব্লিউ বি- ৪৫-৫৮৫৮ নম্বৰৰ গৰুভৰ্তি কন্টেইনাৰ ট্ৰাকখন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকাৰ খবৰ লাভ কৰে। বাইহাটা চাৰিআলি হৈ বৰ্ণিহাট অভিমুখে যাবলগীয়া বাহনখনৰ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষীয়ে নিৰ্ধাৰিত সময়লৈকে খাপ পাতি ৰৈ থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fc8dcbde-a87b-4b01-8d7e-354ff07d4831/22798184_455a_474d_846c_80a8e2e14e4b.jpg)
সেই মৰ্মে নিশা প্ৰায় ১ বজাত উক্ত গৰুভৰ্তি বাহনখন বাইহাটা চাৰিআলি আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে বাহন খনৰ চালক ৰফিকুল ইছলাম নামৰ যুৱক এজনক আটক কৰে। ইফালে জব্দ কৰা গৰু কেইটা কনিহাৰ নিজ বড়িগোগৰ সুৰভী নামৰ এখন গো-শালাৰ জিম্মাত থয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7ff43877-8ebc-4a3d-99d9-c4f6e85b5f42/4399194d_ff84_4925_80f7_0e56d5055e28.jpg)
উল্লেখ্য যে, গো-শালা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে জব্দ কৰা ৪১ টা গৰুৰ ভিতৰত ৫ টা গৰুৰ ইতিমধ্যে মৃত্যু হৈছে। কিন্তু মৃত ৫ টা গৰু ক'ত ৰখা হৈছে সেই বিষয়ে গো-শালা কৰ্তৃপক্ষৰ পৰা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b185d271-df7e-4645-821d-0c9539c66c21/9e67c0e7_177f_4cfa_9859_1fd6cb44e328.jpg)
Also Read: গোলাঘাটত চি আই টি ইউৰ বিক্ষোভ : চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণৰ হুংকাৰ