তিতাবৰ ৰাজহ চক্ৰৰ লাটমণ্ডলৰ দুৰ্নীতিৰ বাবেই ভূমি পট্টাৰ পৰা বঞ্চিত বেকাজানৰ হাজাৰ হাজাৰ লোক...

মুখ্যমন্ত্ৰীক উচিত তদন্তৰ দাবী পট্টা বঞ্চিত বেকাজানবাসীৰ
তিতাবৰ ৰাজহ চক্ৰৰ লাটমণ্ডলৰ দুৰ্নীতিৰ বাবেই ভূমি পট্টাৰ পৰা বঞ্চিত বেকাজানৰ হাজাৰ হাজাৰ লোক...
তিতাবৰ ৰাজহ চক্ৰৰ লাটমণ্ডলৰ দুৰ্নীতিৰ বাবেই ভূমি পট্টাৰ পৰা বঞ্চিত বেকাজানৰ হাজাৰ হাজাৰ লোক...

ডিজিটেল সংবাদ বেকাজানঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনহীলতা নীতি গ্ৰহণ কৰি ৰাইজক স্বচ্ছ শাসনৰ প্ৰতিশ্ৰুতি দিলেও তিতাবৰ ৰাজহ চক্ৰৰ একাংশ লাটমণ্ডল আৰু দালালৰ দুৰ্নীতিৰ বিৰুদ্ধে  ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি উৎখাত কৰিলে যদিও তিতাবৰ ৰাজহ চক্ৰৰ সীমান্তৰ হাফ মাইল বেল্ট, কাকডোঙা ব্লক গাঁও, অন্নপূর্ণা গাঁৱকে ধৰি এই ৯ খন ৰাজহ গাঁৱৰ অন্তর্গত শতাধিক কৃষক ৰাইজ লাটমণ্ডলৰ দুৰ্নীতিৰ বাবে দুবাৰকৈ ভূমিপট্টাৰ বাবে আবেদন কৰিও পট্টাৰ পৰা বঞ্চিত হোৱাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।

বেকাজানৰ ভূমিপট্টা পৰা বঞ্চিত হোৱা হাজাৰ হাজাৰ কৃষক ৰাইজে অভিযোগ কৰামতে তিতাবৰ ৰাজহ চক্ৰৰ বৰহোলা মৌজাৰ প্ৰায়ে ৯ খন ৰাজহ গাঁৱৰ কৃষকে বসুন্ধৰা-০১ আঁচনিত পট্টাৰ বঞ্চিত হোৱাৰ পিছত সম্পূর্ণ চৰকাৰী নীতি-নির্দেশনা পালন কৰি বসুন্ধৰা-২.০ আঁচনিৰ প'র্টেলত অনলাইন প্র-পত্ৰত আবেদন কৰিছিল। আবেদনকাৰী ৰাইজে চক্র বিষয়া, কাননগো (এছ কে), সংশ্লিষ্ট লাটমণ্ডল আদিক সুধি তেওঁলোকে কোৱা মতে চৰকাৰী নীতি-নিয়মানুসৰি আবেদন কৰিছিল।

চৰকাৰী স্বীকৃতিপ্রাপ্ত অৰুণোদয় কেন্দ্রসমূহত কৰ্মৰত প্রশিক্ষণপ্রাপ্ত কৰ্মচাৰীসকলৰ জৰিয়তে অনলাইন আবেদন কৰোঁতে আবেদনকাৰীসকলে নিজৰ ভূমিৰ আবণ্টন- পত্র, শেহতীয়া খাজনা আদায় দিয়াৰ ৰচিদ আদিকে ধৰি প্ৰয়োজনীয় সকলো নথি-পত্র দাখিল কৰাৰ লগতে নির্ধাৰিত মাচুল আদায় দিছিল। তাৰ পিছতো ৰাইজে আবেদনৰ অগ্রগতি সন্দর্ভত চক্র বিষয়া কাৰ্যালয়ৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল।

তেওঁলোকে সকলো কাম-কাজ সঠিকভাৱে আগবাঢ়িছে আৰু সোনকালে পট্টা বিতৰণ কৰা হ'ব বুলি আবেদনকাৰী ৰাইজক আশ্বাস দিছিল। কিন্তু সর্বশেষত তিতাবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ে হাজাৰ হাজাৰ আবেদন-পত্র ভুল বুলি নাকচ কৰিলে। যাৰ ফলত এই হাজাৰ হাজাৰ আবেদনকাৰী ৰাইজে প্ৰাপ্য ভূমিপট্টা লাভৰ পৰা দুৰ্ভাগ্যজনকভাৱে বঞ্চিত হ'ল।

শেহতীয়াকৈ বিত্তমন্ত্ৰী অজন্তা নেওগে বেকাজানত ৮৩০ লোকক পট্টা বিতৰণ কৰাৰ পিছত এই পট্টা আবণ্টণ ক্ষেত্ৰত দুৰ্নীতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহে। ফলত বিষয়টোৱে বৃহত্তৰ বেকাজান-নগাবাট অঞ্চলৰ ৰাইজৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বঞ্চিত ভুক্তভোগী ৰাইজে অতি ক্ষোভেৰে জানিবলৈ দিছে যে 'বসুন্ধৰা-২'ত আবেদন কৰোতে কিছুসংখ্যক লোকৰ ভুল হ'ব পাৰে, কিন্তু একেটা অঞ্চলৰ একে সময়তে একে নিয়মেৰে কৰা হাজাৰ হাজাৰ আবেদন-পত্র ভুল বুলি ৰাজহ চক্র কার্যালয়ে নাকচ কৰাটো এক অবিবেচক কাণ্ড।

চৰকাৰে প্ৰদান কৰা এই সুবিধাৰ পৰা উপযুক্ত আৰু যোগ্য লোকসকলক এনেদৰে বঞ্চিত কৰাটো অন্যায় কৰা হৈছে। বঞ্চিত ৰাইজে আৰু জানিবলৈ দিছে যে বিগত সময়ত তিতাবৰ ৰাজহ চক্ৰ বিষয়া কার্যালয়ে এই অঞ্চলসমূহৰ ৰাইজক ভূমি পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰে তিনিবাৰ অফলাইনযোগে আবেদন-পত্র লৈছিল। কিন্তু প্রতিবাৰে ৰাইজ প্ৰৱঞ্চিত হৈছিল।

কেৱল একাংশ লাট মণ্ডল আৰু তেওঁলোকৰ দ্বাৰা নিযুক্ত একাংশ দালালহে লাভাম্বিত হৈ আহিছে। ভুক্তভোগী ৰাইজে এইবাৰ 'বসুন্ধৰা-২.০' আঁচনিৰ যোগেদি সুফল লাভ কৰিব বুলি গভীৰভাৱে আশা কৰিছিল মূৰকত এই ঘটনাত ৰাইজ হতাশাত ভাগি পৰিছে আৰু বিষয়টোত ক্ষোভ প্রকাশ কৰিছে।

ইফালে ২০২১ চনত মিছন বসুন্ধৰা ০১ ৰ জৰিয়তে বেকাজানৰ কেইবা হাজাৰ পৰিয়ালে চৰকাৰী ভূমি আবণ্টণ পত্ৰ লাভ কৰা কৃষকে ভূমিপট্টাৰ অফলাইনত আবেদন কৰিছিল যদিও দুখীয়া ৰাইজক বঞ্চিত কৰি সেই সময়ত লাটমণ্ডলে ধন লৈ বছা বছা একাংশ চৰকাৰী চাকৰিয়াল, শিক্ষক, ঠিকাদাৰ চিকিৎসাকৰ্মী, পঞ্চায়ত প্ৰতিনিধি আৰু  সাংবাদিকক ধৰি মাত্ৰ পাঁচশজন লোকক মন্ত্ৰী অজন্তা নেওগৰ হতুৱাই পট্টা বিতৰণ কৰায়।

কিন্তু বাকী অফ লাইন যোগে আবেদন কৰা ৫০০ ৰো অধিক লোকৰ পট্টা যোৰহাট আয়ুক্ত কাৰ্যালয়ে আজিও বন্ধ কৰি ৰাখিছে। যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ এই কাৰ্যক ধিক্কাৰ দিছে বেকাজানৰ সীমান্তবাসী ৰাইজে । ইফালে মিছন বসুন্ধৰা আঁচনিৰ ২.০ মাটি জিঅ'টেক কৰাৰ সময়তে জৰীপৰ দায়িত্বত থকা একাংশ লাটমণ্ডল আৰু দালালে ধনলৈ পট্টা আবণ্টণত ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ গুৰুত্ব অভিযোগ উঠে।

উল্লেখযোগ্য যে, চৰকাৰে সম্পূৰ্ণ স্বচ্ছতাৰে দুখীয়া ভূমিহীন লোকক পট্টা দিয়া বুলি দাবী কৰিলেও প্ৰকৃততে তিতাবৰ লাটমণ্ডল আৰু দালালৰ চূড়ান্ত দুৰ্নীতি আৰু অনিয়মৰ বাবে বাৰে হাজাৰ হাজাৰ কৃষক ৰাইজৰ আবেদন নাকচ হৈছে। বিষয়টোক তীব্র ক্ষোভ প্ৰকাশ কৰিছে বেকাজানৰ সীমান্তবাসী ৰাইজে।

বিষয়টো স্পৰ্শকাতৰ তথা সমষ্টি পুনৰ গঠনৰ ফলত এই অঞ্চলসমূহ অজন্তা নেওগৰ  নিজ গোলাঘাট সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত বিষয়টোৰ ওপৰত উচিত তদন্তৰ ব্যৱস্থা কৰি ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী অজন্তা নেওগক ন্যায় দিবলৈ ৰাইজে আহ্বান জনাইছে।

তিতাবৰ ৰাজহ চক্ৰৰ লাটমণ্ডলৰ দুৰ্নীতিৰ বাবেই ভূমি পট্টাৰ পৰা বঞ্চিত বেকাজানৰ হাজাৰ হাজাৰ লোক...
মনোজ কুমাৰ গোস্বামীলৈ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’, ৰঞ্জু হাজৰিকালৈ ‘সাহিত্য উন্মেষ বঁটা’...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in