মনোজ কুমাৰ গোস্বামীলৈ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’, ৰঞ্জু হাজৰিকালৈ ‘সাহিত্য উন্মেষ বঁটা’...

'অসম বাৰ্তা' গোষ্ঠীয়ে ঘোষণা কৰিছে এই বঁটা
মনোজ কুমাৰ গোস্বামীলৈ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’, ৰঞ্জু হাজৰিকালৈ ‘সাহিত্য উন্মেষ বঁটা’...
মনোজ কুমাৰ গোস্বামীলৈ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’, ৰঞ্জু হাজৰিকালৈ ‘সাহিত্য উন্মেষ বঁটা’...

ডিজিটেল সংবাদ গুৱাহাটীঃ ২০২০ চনৰ ৮ জানুৱাৰীত নদীদ্বীপ মাজুলীত আত্মপ্ৰকাশ কৰা সাপ্তাহিক ‘অসম বাৰ্তা’ কাকতৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ অনুষ্ঠানটো ৩১ মাৰ্চ, ২০২৪ তাৰিখে গুৱাহাটীত আয়োজন কৰা হৈছে৷ উক্ত অনুষ্ঠানতে গুৱাহাটীৰ পৰা দৈনিকৰূপে আত্মপ্ৰকাশ পাব লগীয়া ‘অসম বাৰ্তা’ কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব আৰু ‘অসম বাৰ্তা’ গোষ্ঠীয়ে এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা বঁটা প্ৰদান কৰা হ’ব৷

'অসম বাৰ্তা' গোষ্ঠীৰ সম্পাদক তনয় বৰাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ২০২৪ বৰ্ষৰ গোষ্ঠীটোৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। ২০২৪ বৰ্ষৰ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ৷

গোস্বামী বৰ্তমান অসমৰ আগশাৰীৰ বৈদ্যুতিন মাধ্যম ‘NKtv’ৰ লগতে অসমীয়া দৈনিক কাকত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক৷ ১৯৮৬ চনত চন্দ্ৰপ্ৰসাদ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ‘নতুন দৈনিক’ কাকতৰ জৰিয়তে সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰা গোস্বামী পৰৱৰ্তী সময়ত আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতৰ সাংবাদিক, সম্পাদক, কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১২ বছৰ ধৰি বৈদুতিন মাধ্যম ‘DY ৩৬৫’ৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷

বহুৰূপীৰ পৰা বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালীলৈকে ৭৫০ খনৰো অধিক গ্ৰন্থৰ ৰচনাৰে বিৰামহীন বৰ্ণিল যাত্ৰা অব্যাহত ৰখা ৰহস্য সম্ৰাট কুমুদ চন্দ্ৰ হাজৰিকা(ৰঞ্জু হাজৰিকা)লৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ‘সাহিত্য উন্মেষ বঁটা’৷ চিত্ৰকল্প নিৰ্মাণ, কাহিনী নিৰ্মাণৰ দক্ষতা, শব্দৰ খেলা যাদুৰে ৰঞ্জু হাজৰিকাই অসমৰ জনসাধাৰণৰ আত্মাত যিধৰণে নিগাজি স্থান দখল কৰিলে সেইয়া অতুলনীয়।

২০২৪ বৰ্ষৰ ‘জননেতা ড॰ পূৰ্ণ নাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা’ আগবঢ়োৱা হৈছে কেবিনেট মন্ত্ৰী তথা ৯৪ নং মাহমৰা সমষ্টিৰ বিধায়াক যোগেন মহনলৈ৷ অসমৰ মাননীয় ড॰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন দক্ষ ৰাজনীতিবিদ যোগেন মহনে অসমৰ খীলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷

নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম৷ তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰে৷ দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়, সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভুক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ নৱচামক উৎসাহিত কৰাৰ উদ্দেশ্যৰে গোষ্ঠীয়ে প্ৰৱৰ্তন কৰা ২০২৪ বৰ্ষৰ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’ আগবঢ়োৱা হৈছে উদীয়মান কণ্ঠশিল্পী প্ৰাণদ্বীপলৈ৷

মনোজ কুমাৰ গোস্বামীলৈ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’, ৰঞ্জু হাজৰিকালৈ ‘সাহিত্য উন্মেষ বঁটা’...
ৰঞ্জী ক্ৰিকেটৰ ইতিহাসত নতুন ৰেকৰ্ডঃ ১০ আৰু ১১ নম্বৰ বেটছমেনৰ শতক অৰ্জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in