/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/qji1ozax/134.jpg)
ডিজিটেল সংবাদ,তিতাবৰ : বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে তিতাবৰত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। তিতাবৰৰ ঠেঙাল কছাৰী সাংস্কৃতিক সংগ্ৰাহলয়ত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/uw8p43du/46103945710537705895373694731219291241647443n.jpg)
মন্ত্ৰীগৰাকীয়ে কয় যে তিতাবৰত অহা দুদিনৰ ভিতৰত বিজেপিৰ নতুন সদস্যভৰ্তি ৪০ হাজাৰৰ অতিক্ৰম কৰিব। তাৰোপৰি মন্ত্ৰী হাজৰীকাই কয়- তিতাবৰ সমষ্টি যোৱা ৫বছৰত উন্নয়নৰ ক্ষেত্ৰত বহু পিছ পৰি ৰ'ল। সেই কামটো সদায় হৈ থাকিবলৈ দিব নালাগে। তিতাবৰৰ ৰাইজে আজি উপলব্ধি কৰিছে আৰু সেইকাৰণে বিজেপিৰ সদস্যপদ স্বেচ্ছাই গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/e13dht1f/46110760710537707362040217883467224931893071n.jpg)
অন্যহাতে ৰাজ্যত অবাধে গঢ় লৈ উঠা পৰ্টেলসমূহে সাংবাদিকতাৰ নীতি-নিয়ম নমনা আৰু ব্লেকমেইলিইঙত লিপ্ত হোৱাৰ বিৰুদ্ধে শেহতীয়াকৈ অসম চৰকাৰে দৃষ্টি ৰাখিছে আৰু এই সম্পৰ্কত এখন কঠোৰ আইনৰ পোষকতা কৰাৰ কথা জানিবলৈ দিয়ে। আৰ টি আই কৰ্মী তথা পৰ্টেলৰ মালিক দুলাল বৰাৰ বিৰুদ্ধে আইনে নিজৰ পথেৰে গতি কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Also Read: খোৱাঙত বিগত বানত ক্ষতিগ্ৰস্ত লোকৰ সৈতে মত বিনিময় মন্ত্ৰী পীযুষ হাজৰীকাৰ